প্ৰয়োগ হ'ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনী আচৰণ বিধি:প্ৰাক্তন সম্পাদকে ভোটাধিকাৰ নোপোৱাৰ কাৰণ কি?

Pic

বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ সোমবাৰৰ পৰা প্ৰয়োগ হ'ল নিৰ্বাচনী আচৰণ বিধি।সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে নিৰ্বাচনী বিষয়া অজিত পাটোৱাৰীয়ে।প্ৰাৰ্থীৰ বাবে জাৰি কৰা এই আচৰণ বিধিত সন্নিৱিষ্ট আছে মুঠ ১২টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।সেই নিয়মসমূহ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মানি চলে,তাৰ বাবে পাটোৱাৰীয়ে সকলোকে আহ্বান জনায়।অন্যথা কোনো প্ৰাৰ্থীয়ে যদি আচৰণ বিধি ভংগ কৰে,তেন্তে সেই প্ৰাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

উল্লেখ যে ৮১৬জন ভোটাৰে নিৰ্বাচন কৰিব মুঠ ১০টা পদৰ বাবে ১০গৰাকী প্ৰাৰ্থীক।তাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে মুঠ ৪২গৰাকী প্ৰাৰ্থীয়ে।ইফালে মনোনয়নপত্ৰসমূহ সোমবাৰে পৰীক্ষা কৰি প্ৰাৰ্থীৰ আংশিক তালিকা প্ৰকাশ কৰিছে নিৰ্বাচন কমিটীয়ে। কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন পত্ৰ উঠাই ল'ব বিচাৰে,তেন্তে মঙলবাৰে দিনৰ তিনি বজাৰ ভিতৰত উঠাব পাৰিব।অহা ৪মাৰ্চত প্ৰকাশ পাব প্ৰাৰ্থীৰ চূূূড়ান্ত তালিকা।সংবাদ মেলত এই কথাও প্ৰকাশ কৰে নিৰ্বাচনী বিষয়া পাটোৱাৰীয়ে।

আনহাতে সংবাদ মেলত উপস্থিত থাকি ৰিটাৰ্নিং বিষয়া অধিবক্তা বিজন কুমাৰ মহাজনে কয়-'গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত ভোটাৰসকল উৎফুল্লিত হোৱাটো শুভ লক্ষণ।৮১৬জন ভোটাৰে যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰে,তেতিয়া আৰু মজবুত কৰিব গণতন্ত্ৰৰ ভেটি।'

ভোটদান আৰু ভোট গণনা প্ৰক্ৰিয়া   সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হ'ব বুলি উল্লেখ কৰি বিষয়া মহাজনে কয়-'লোকচক্ষু আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ব্যক্তিৰ সন্মুখত হ'ব সকলো প্ৰক্ৰিয়া।'

গুৰুত্বপূৰ্ণ কথা এই যে ১২মার্চত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব ১১মাৰ্চৰ পুৱা ১০ বজাত।

বিগত ১৭বছৰৰ মূৰত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব প্ৰেছ ক্লাবটোৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া।ঠাকুৰীয়া ভোটাধিকাৰ পৰা বঞ্চিত হোৱাৰ কাৰণ সন্দৰ্ভত নিৰ্বাচনী সমিতিৰ সদস্য সুনীল বৰাই কয়-"সংবিধানৰ নিয়ম অনুসৰি ভোটাধিকাৰৰ বাবে ঠাকুৰীয়াই দিব  পৰা নাই কোনো প্ৰমাণ-পত্ৰ।তেওঁ জমা দিয়া নথি-পত্ৰ নিয়মীয়া সাংবাদিকৰ নহয়।"

Your Comments