নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবত উত্তপ্ত পৰিস্থিতি।ৰহস্যজনকভাৱে বিগত ১৭বছৰে প্ৰেছ ক্লাবটোত নীতি বৰ্হিভূতভাৱে সম্পাদকৰ দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই জ্বলাই দিয়ে প্ৰেছ ক্লাবটোৰ বহু পুৰণি নথি-পত্ৰ।নথি-পত্ৰসমূহ জ্বলাই দিয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।উল্লেখ যে অহা ১২ মার্চত প্ৰেছ ক্লাবত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব।তাৰ বাবে দেওবাৰে অন্তিম দিন আছিল মনোনয়নপত্ৰ দাখিলৰ। আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে বিগত ১৭ বছৰে প্ৰেছ ক্লাবত নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ নৱ ঠাকুৰীয়াই নীতি বৰ্হিভূতভাৱে দখল কৰি আছিল সাধাৰণ সম্পাদকৰ পদ।নিৰ্বাচন অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ বিগত ১৭ বছৰৰ হিচাপ দাখিল কৰাৰ বাবে পূৰ্বৰ কমিটীক এমাহৰ সময়সীমা বান্ধি দিয়াৰ লগতে সমগ্ৰ হিচাপৰ প্ৰতিবেদন ল'বলৈ বিশেষ সাধাৰণ সভাই তিনিজনীয়া এখন কমিটী গঠন কৰি দিছিল।কমিটীয়ে ১৭ বছৰৰ হিচাপৰ খতিয়ান পূৰ্বৰ কমিটীৰ পৰা সংগ্ৰহ কৰি থাকোঁতে দেওবাৰে আবেলি সম্পাদক ঠাকুৰীয়াই জ্বলাই দিয়ে বহু নথি-পত্ৰ। নথি-পত্ৰ জ্বলাই দিয়াৰ খবৰ বিয়পি পৰাৰ লগে লগে প্ৰেছ ক্লাবত উপস্থিত হয় বহু জ্যেষ্ঠ সাংবাদিক।পৰিস্থিতি উত্তপ্ত হোৱা দেখি খবৰ দিয়া হয় লতাশিল আৰক্ষীক।লতাশিল আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হয়।ৰহস্যজনকভাৱে নথি জ্বলাই দিয়া সন্দৰ্ভত নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
- Log in to post comments
- 5476 views