গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ উন্নতি।চিকিৎসালয়খনৰ ১২জনীয়া এটা অভিজ্ঞ চিকিৎসক দলৰ নীৰিক্ষণত আছে ৰাইজৰ আদৰৰ শিল্পী জুবিন।চিকিৎসালয় কৰ্তৃপক্ষই ইতিমধ্যে জুবিন সম্পূৰ্ন সুস্থ বুলি অৱগত কৰিছে সংবাদ মাধ্যমক।গুৱাহাটীৰ টাউন ক্লাৱত শুকুৰবাৰে অনুৰাগ শইকীয়াৰ 'প্ৰজেক্ট বৰগীত'ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা সময়তে অসুস্থ হৈ পৰিছিল শিল্পী জুবিন মঞ্চতে অসুস্থ জুবিন ঢলি পৰিবলৈ ধৰিছিল।কিন্তু,ওচৰতে থকা অনুৰাগী আৰু সহযোগীসকলে ঢলি পৰিব খোজা শিল্পীগৰাকীক ঢলি পৰিবলৈ দিয়া নাছিল।তাৰ পিছতে ততাতৈয়াকৈ জুবিনক লৈ অহা হয় ভঙাগড়ৰ নেমকেয়াৰ চিকিৎসালয়লৈ।
ইফালে,মৰমৰ শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে একাংশ অনুৰাগীয়ে গোটেই ৰাতিটো ৰৈ থাকিল চিকিৎসালয়ত।বৰ্তমানো আইচিইউত সংকটমুক্ত জুবিনক জুবিনৰ খবৰ লবলৈ পুৱাৰে পৰা নেমকেয়াৰ হাস্পতালত উপস্থিত হৈছে অনুৰাগীসকল।
উল্লেখ যে কোনো বিশেষ ৰোগত আক্ৰান্ত নহয় জুবিন।জুবিন ভাগৰুৱা হৈ থকাৰ বাবে হঠাৎ অসুস্থ হৈ পৰিছিল বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই।বৰ্তমান শিল্পী জুবিন সম্পূৰ্ন সুস্থ।জুবিনক কিছু জিৰণিৰ প্ৰয়োজন তেওঁ কয়।
পুৱাই জুবিনে শুই উঠি আইচিইউৰ পৰাই ক্ষমা বিচাৰিছে কাকপথাৰবাসী ৰাইজৰ ওচৰত।কিয়নো শনিবাৰে কাকপথাৰত জুবিনে তেওঁৰ নামত নিৰ্মাণ কৰা দলঙৰ শুভাৰম্ভণি কৰিবলৈ যোৱাৰ কথা আছিল।পুৱা ১০বজাত জুবিন যাব লগা বিমানৰ সময় আছিল।কাকপথাৰত উপস্থিত থাকিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছে ৰাইজৰ ওচৰত।
- Log in to post comments
- 32 views