ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত ছার্জিল ইমামক ন্যায়িক জিম্মালৈ প্ৰেৰণ।কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে ছার্জিলক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ প্ৰেৰণ কৰিছে।উল্লেখ যে অসম আৰক্ষীৰ মুঠ ৮ দিনৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত ছার্জিলক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত হাজিৰ কৰোৱা হয় আদালতত।তদন্তকাৰী আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত নিবিচৰাৰ বাবে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। গুৰুত্বপূৰ্ণ কথা এই যে শ্বাহীনবাগত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ প্ৰদান কৰাৰ পিছতে অসম চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰি যোৱা ২০ ফেব্ৰুৱাৰীত দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ছার্জিলক।প্ৰথমে,আদালতে ৪ দিনৰ বাবে আৰক্ষী জিম্মাত দিছিল যদিও তদন্তকাৰী আৰক্ষীয়ে ছার্জিলক আৰু নিজৰ জিম্মাত বিচৰাত আদালতে বৃদ্ধি কৰিলে পুনৰ ৪ দিনৰ বাবে ম্যাদ। আনহাতে,ছার্জিলক আদালতত হাজিৰ কৰোৱাৰ সময়ত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ চৌহদত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা।কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ফালি আদালত চৌহদৰ ভিতৰতে ছার্জিলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সময়ত আক্ৰমণ কৰিবলৈ চোঁঁচা লয় অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ আৰু আৰএছএছৰ একাংশ সদস্য তথা সমৰ্থকে।লগে লগে সমগ্ৰ আদালতৰ চৌহদ উত্তাল কৰি তোলে।আদালতৰ ভিতৰতে ভাৰত মাতা কি জয়, বন্দে মাতৰম, ছার্জিল ইমাম মুর্দাবাদ ধ্বনি দিয়ে। চৰকাৰী ধন খৰছ কৰি ছার্জিল ইমামক জীয়াই ৰখাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰি এবিভিপি আৰু আৰএছএছ সদস্যসকলে কয়-"এনকাউণ্টাৰ কৰি গুলীয়াব লাগে।তাৰ বাহিৰে গত্যন্তৰ নাই।আমি বিচাৰিছো ৰাইজৰ হাতত এই বিলাক শত্ৰুক গতাই দিয়ক।তাৰ ব্যৱস্থা ৰাইজে নিজে ল'ব।" ছার্জিলৰ দৰে দেশদ্রোহীয়ে অসমীয়াৰ ভৱিষ্যত নিৰূপণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁলোকে আৰু কয়-"দ্বিতীয়বাৰ যদি আকৌ এনেকুৱা মন্তব্য কোনোবাই কৰে,এইবাৰ গুলী কোনে মাৰিব তাৰ ঠিক নাই।"
- Log in to post comments
- 55 views