১ মাৰ্চৰ পৰা জেইলৰ ভিতৰত অনশনত বহিব অখিল গগৈ

Pic

মঙলবাৰে চানমাৰিৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ৰ আদালতত পুনৰবাৰ হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈক।আদালতৰ ১৪দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলাত 'নিয়া'ৰ আদালতত গগৈৰ সৈতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ,বিতু সোণোৱালকো হাজিৰ কৰোৱা হয়।আদালতত হাজিৰ কৰোৱাৰ সময়ত কাৰাৰুদ্ধ গগৈয়ে সংবাদ মাধ্যমক উদ্দেশ্য কৰি কয়-"১মাৰ্চৰ পৰা জেলৰ ভিতৰতে গ্ৰহণ কৰা হ'ব অনশন।"

"আনহাতে ৬নং দফাৰ নামত চৰকাৰে জনসাধাৰণক টুপী দিছে"-এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে। 

উল্লেখ যে ইতিমধ্যে প্ৰায় দুটা মাহ কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ শাৰীৰিকভাৱে কিছু অসুস্থ হৈ আছে।অসুস্থ নেতাগৰাকীক জেইলৰ ভিতৰত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে।মূৰ,দাঁত,হাত-ভৰিৰ গাঁঠিৰ বিষত আক্ৰান্ত হৈছে।

Your Comments