"ভাৰত চৰকাৰে যিসময়ত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিছে,সেই সময়ত ৰাজ্য চৰকাৰে সংস্কৃত টোলসমূহ বন্ধ কৰাৰ আঁৰত আছে বেলেগ উদ্দেশ্য"-এই গুৰুতৰ অভিযোগ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ। কিছুদিন পূৰ্বে যিগৰাকী শিক্ষামন্ত্ৰীয়ে সংস্কৃত বিষয় ৰাজ্যৰ বিদ্যালয়ত বাধ্যতামূলক কৰিব বুলি ঘোষণা কৰিছিল,সেই গৰাকী মন্ত্ৰীয়ে মহম্মদ বিন টোগলকৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰি এতিয়া বন্ধ কৰিব সংস্কৃত টোল।সাংসদগৰাকীয়ে লগতে কয় যে সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব লাগিছিল টোলৰ সংখ্যা।কিন্তু তাকে নকৰি থকা টোলসমূহ বন্ধ কৰিবলৈ ওলাইছে। আনহাতে,মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত তেওঁ কয়-"মাদ্ৰাছাসমূহ সম্পূৰ্ণ চৰকাৰৰ নিয়ন্ত্ৰণত পৰিচালিত হয়।ছিনিয়ৰ মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰম চৰকাৰে নিৰ্ধাৰণ কৰা।তেনে স্থলত বন্ধ কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে।" আনহাতে কেন্দ্ৰ-ৰাজ্যত একে দলৰে চৰকাৰ থকাৰ পিছতো ৰাজ্য চৰকাৰে কোনো সুবিধা গ্ৰহণ কৰিব পৰা নাই বুলি উল্লেখ কৰি খালেকে কয় -"অনুসূচিত জাতি-জনজাতিৰ প্ৰতি চৰকাৰৰ কোনো দৰদ নাই।জনজাতি-খিলঞ্জীয়াৰ কথা কয়,কিন্তু ৰাজ্য চৰকাৰে আজিলৈকে জনজাতিসকলৰ বাবে থকা একলব্য মডেল বিদ্যালয় আৰম্ভ কৰিব নোৱাৰিলে।" "অনুসূচিত জাতি ছাত্ৰ-ছাত্ৰীৰ বাবে বাবু জগজীৱন ৰাম ছাত্ৰাৱাস আছিল।কিন্তু বিগত তিনিবছৰে ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটাও ছাত্ৰাৱাস আনিব নোৱাৰিলে।দেশৰ অন্য ৰাজ্যসমূহে কিন্তু সুবিধা গ্ৰহণ কৰিছে"- খালেকে কয়। ইয়াৰ উপৰিও অসমৰ বাবে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাক ব্যক্তিগতভাৱে সমৰ্থন কৰো বুলি গুৱাহাটীত সম্বোধন কৰে বুলি সংবাদমেলত জানিবলৈ দিয়ে।
- Log in to post comments
- 34 views