সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা 'কা' বিৰোধী আন্দোলনত সন্দেহ থকা বুলি বুধবাৰে গুৱাহাটীত 'নৰ্মদা বচাও আন্দোলন'ৰ নেত্ৰী মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেই কৰা বিস্ফোৰক মন্তব্যক উভতি ধৰিছে 'আছু'ৱে।আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়- "তেওঁলোক দুগৰাকী যে চৰকাৰৰ এজেণ্ট,তাকে প্ৰমাণ কৰিছে।কাৰণ তেওঁলোকৰ কথা-বতৰাই আন্দোলনৰ শক্তি তথা গণ সংগ্রামটোক দুৰ্বল কৰিবলৈ বিচাৰিছে।" নৰ্মদা বচাও আৰু লোকপাল আন্দোলনত কেনেদৰে তেওঁলোক মেনেজ হৈছিল,ভাৰতবৰ্ষৰ জনতাই জানে বুলি অভিযোগ তুলি গগৈয়ে আৰু কয়- "বৰ্তমান অসমত মেট্ৰিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে।গতিকে,পূৰ্বে ঘোষণা কৰিছিলোঁ পৰীক্ষা নথকা সময়তহে আন্দোলন হ'ব।পৰীক্ষা থাকিলে আন্দোলন নহয় বুলি।এই সময়ছোৱাত আন্দোলনৰ ৰণ কৌশল বেলেগ হ'ব" "অসমৰ জনতাই যেতিয়া নিজৰ ভাষা, মাধ্যম হেৰোৱাৰ বাবে আন্দোলন কৰিছিল,ছয় বছৰীয়া অসম আন্দোলন কৰি মানুহ শ্বহীদ হৈছিল-সেই সময়ত মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডে অসমৰ মানুহৰ লগত থকা নাছিল।অসমৰ জনতাক সংগ্রাম কেনেকৈ কৰিব লাগে তাৰ পাঠ দিব নালাগে"-গগৈয়ে কয়।লগতে অসমৰ আন্দোলনৰ সন্দৰ্ভত কোনো ধৰণৰ জ্ঞান নোহোৱাকৈ এনেধৰণৰ মন্তব্য নকৰিবৰ বাবে আছুৱে সকীয়নী জনোৱা বুলি উল্লেখ কৰে। আন্দোলনতো কোনো বিঘ্নিত কৰিবলৈ বিচাৰিছে,সেই কথা স্পষ্ট হৈছে বুলি উল্লেখ কৰি গগৈয়ে কয়-"বহিৰাগত কিছুমান ব্যক্তিক লৈ জেলৰ মাজৰ পৰা চৰকাৰৰ এজেণ্ট হৈ কোনো কাম কৰি আছে,সেই কথা অসমৰ জনতাই বুজি উঠিছে"। "অসমৰ জনতা আছুৰ অভিভাৱক।কোনো চালানী সমাজকর্মী আমাৰ সংগ্রামৰ না অভিভাৱক হ'ব পাৰে না শুভাকাংক্ষী হব পাৰে" বুলিও মন্তব্য প্ৰকাশ কৰে গগৈয়ে।
- Log in to post comments
- 180 views