'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ বাবে কৰা আন্দোলনত চৰকাৰী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু কৰা হৈছে ৭টাকৈ গোচৰ।
উল্লেখ্য যে 'কা'ৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ পানীতোলাৰ এখন ভিতৰুৱা গাঁৱত অনুষ্ঠিত এখন গণ সমাৱেশত কৰা বক্তব্যৰ আলম লৈ চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি সাংবাদিক মহন্তই জানিবলৈ দিছে।ভাৰতীয় দণ্ডবিধিৰ ১২০(খ),১২১(ক), ২১২, ২৯৪, ৩৫৩, ৫০৫ আৰু ৩৪ৰ অধীনত গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে গীতানগৰ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছে মহন্তক।
ইফালে চমন জাৰি কৰাৰ পিছতে মহন্ত বৃহস্পতিবাৰে উপস্থিত হয় মহানগৰীৰ গীতানগৰ থানাত।তেওঁ কয়-"মোৰ বিৰুদ্ধে যিসমূহ ধাৰা ৰুজু কৰা হৈছে,সেই অনুসৰি মই ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ।জনসাধাৰণৰ কামত বাধা দিয়াৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিছোঁ।চৰকাৰৰ বিৰুদ্ধে ৰাইজক যুদ্ধ কৰিবলৈ উচটনি যোগাইছোঁ।"
"গণতান্ত্ৰিক তথা স্বাধীন দেশত চৰকাৰৰ নীতিক সমালোচনা কৰিলে যদি যুদ্ধ ঘোষণা কৰা হয়,একেদৰে জনপ্ৰতিনিধিৰ জাতিদ্রোহিতাক সমালোচনা কৰিলে যদি ৰাষ্ট্ৰদ্রোহৰ অপৰাধ হয়,তেন্তে তেনে ভুল আমি বাৰে বাৰে কৰিম"-মহন্তই কয়।
ভাৰতীয় সংবিধানৰ পৱিত্ৰতাক ৰক্ষা কৰাৰ বাবে আমাৰ এই যুঁজ বুলি উল্লেখ কৰি মহন্তই কয়-"সৰ্বানন্দ,হিমন্তৰ কথা ইয়াত নাই।ভাৰতীয় সংবিধানক উলংঘা কৰিলে সংগ্রাম চলিছে আৰু চলিব।"
- Log in to post comments
- 30 views