"অখিল-ধৈৰ্য-মানস-বিতু নিজৰ স্থিতিত অটল থকাৰ বাবে জেললৈ গৈছে"-মেধা পাটকাৰ

Pic

"অখিল-মানস-ধৈৰ্য-বিতু জনতাৰ স্বাৰ্থত নিজৰ স্থিতিত অটল থকাৰ বাবে মাওবাদীৰ অভিযোগত অন্যায়ভাৱে জেলত ভৰাই ৰখা হৈছে।তেওঁলোকৰ দোষ হ'ল চৰকাৰৰ হিচাপত তেওঁলোকে বিক্ৰী গৈ আন্দোলন কৰা নাই"-এই মন্তব্য 'নৰ্মদা বচাও আন্দোলন'ৰ নেত্ৰী মেধা পাটকাৰৰ।ভাৰতবৰ্ষ গণ আন্দোলনৰ অন্যতম নেত্ৰী হিচাপে পৰিচিত পাটকাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কয়- "কৃষক মুক্তিয়ে ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষতাক গুৰুত্ব দি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জন-সংগ্রাম গঢ়ি তুলিছিল।সংগ্রাম সাম্প্ৰদায়িক বিজেপি-আৰএছএছৰ বিৰুদ্ধে অহিংস-গণ সত্যাগ্ৰহৰ ৰূপ লোৱাত কম্পিত হৈছিল বিজেপি,তাৰ বাবে আজি তেওঁলোক বন্দী কৰি ৰখা হৈছে।এই স্বেচ্ছাচাৰী নীতিক গৰিহণা দিয়া উচিত।" ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ আজি কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত বুলি অভিযোগ উত্থাপন কৰি পাটকাৰে কয়-"যিজন অখিলে এপিএছচিৰ দুৰ্নীতি,অন্যায় আৰু কাজিৰঙাত অৰ্কিড উদ্যান স্থাপন কৰি জনতাৰ হিতৰ বাবে কাম কৰিছে,সেইজন মানুহক পুৰস্কৃত কৰাৰ বিপৰীতে ৰাষ্ট্ৰদ্রোহৰ মিছা অভিযোগ প্ৰদান কৰি বন্দী কৰি ৰাখিছে।" জাতি আৰু ধৰ্মবাদৰ ৰাজনীতি শেষ কৰাৰ সময় এয়া বুলি উল্লেখ কৰি পাটকাৰে কয়-"চৰকাৰে আন্দোলনকাৰীক পৃথক কৰিছে, কিন্তু আমি এক হ'ব লাগিব।'কা'ই কেৱল ধৰ্মভিত্তিক তিনিখন দেশৰ কথা কিয় কয়।কিয় শ্ৰীলংকাৰ কথা উল্লেখ নাই।কাৰণ এয়া হৈছে ভোটবেংক ৰাজনীতি।" ডিটেনচন কেম্প আৰু কাৰাগাৰ দুটা পৃথক বুলি উল্লেখ কৰি সংগ্রামী নেত্ৰীগৰাকীয়ে কয়-"য'ত এনআৰচি সম্পূৰ্ণ হৈ উঠা নাই,তাত ডিটেনচন কেম্প কিয় প্ৰয়োজন। ডিটেনচন কেম্পৰ নামত কিয় জেল-পুলিচৰ জিম্মাত দিয়া হয়।" আনহাতে,অসম চুক্তি সফলভাৱে ৰূপায়ণ কৰি অসমৰ নিবনুৱা সমস্যা সমাধান কৰা জৰুৰী বুলি পাটকাৰে উল্লেখ কৰে। গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদ মেলত সংগ্রামী নেতা সন্দিপ পাণ্ডেই কয়-"অখিল মাওবাদী নহয়,ভাৰতীয় সংবিধানক বিশ্বাস কৰা এজন সমাজকর্মী।কৃষক, দৰিদ্ৰ আৰু পীড়িত জনতাৰ বাবে কাম কৰা এজন ব্যক্তি।" "অখিলে 'কা'ৰ বিৰুদ্ধে যি শক্তিশালী গণ-সংগ্রাম গঢ়ি তুলিছিল সেই সংগ্ৰাম 'আছু'ৱে নিজৰ নেতৃত্বলৈ নি চৰকাৰ নিয়ন্ত্ৰিত কৰিলে।ৰাজপথৰ আন্দোলন খেলপথাৰত প্ৰৱেশ কৰালে।পাঁচ বজাত আন্দোলন শেষ হ'ব বুলি সময় বান্ধি দিলে"-এয়া কেনেধৰণৰ কথা,সময় বান্ধি আন্দোলন কৰিব-আছুলৈ প্ৰশ্ন পাণ্ডেৰ। জনতাৰ আন্দোলন যেতিয়া শক্তিশালী সংগঠনৰ লগত থাকিব তেনে আন্দোলন সফল হ'বই বুলি উল্লেখ কৰি পাণ্ডেই কয়-"বিজেপি-আৰএছএছক উৎখাত কৰাৰ বাবে আছুৱে অখিলৰ দৰে সংগ্রাম কৰক"। "বিদেশীক চিনাক্ত কৰি নাগৰিকত্ব দিয়াৰ বিপৰীতে কাম কৰা অনুজ্ঞাপত্ৰ প্ৰদান কৰক,দেশৰ উন্নতি হ'ব"-পাণ্ডেই কয়। 'কা'ৰ জৰিয়তে কোনো প্ৰমাণপত্ৰ নথকাকৈ নাগৰিকত্ব দিয়াটো কেনে কথা বুলি উল্লেখ কৰে পাণ্ডেই।

Your Comments