কাঠমাণ্ডুত অসম সাহিত্য সভা আৰু অসম নেপালী সাহিত্য সভাৰ যুটীয়া উদ্যোগ:চৰ্যাপদ বিষয়ক আন্ত:ৰাষ্ট্ৰীয় আলোচনা-সত্ৰৰ আয়োজন

Pic

অসম সাহিত্য সভা আৰু অসম নেপালী সাহিত্য সভাৰ যুটীয়া উদ্যোগত আৰু নেপালৰ ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ সহযোগত কাঠমাণ্ডুত ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাষা- সাহিত্য-সংস্কৃতি আৰু চৰ্যাপদ বিষয়ক এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা-সত্ৰ।২০ ফেব্ৰুৱাৰীলৈকে চলিব লগা উক্ত আলোচনা-সত্ৰত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে ৬০ জনীয়া এটা শিল্পী-সাহিত্যকৰ দলে। মঙলবাৰে ট্ৰেইনযোগে দলটো ৰাওনা হ'ব নেপাললৈ।শিল্পীৰ দলটোৰ নেতৃত্বত আছে সংগীত-নাটক একাডেমী বঁটাপ্ৰাপ্ত অনিতা শৰ্মা,শিল্পী জীনা ৰাজকুমাৰী  প্ৰমুখ্যে বহু কেইগৰাকী শিল্পী-সাহিত্যিক। এই কথা জানিবলৈ দিছে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ড: পৰমানন্দ ৰাজবংশীয়ে। 

গুৱাহাটী অসম সাহিত্য সভাৰ কাৰ্যালয়ত সোমবাৰে আয়োজন কৰা সংবাদ মেলখনত ডঃ ৰাজবংশীয়ে  কয়-"নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ চলি অহা পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে লোৱা হৈছে এই প্ৰচেষ্টা৷আলোচনা- সত্ৰত অংশগ্ৰহণ কৰিবলৈ যোৱা শিল্পীসকলৰ সহায়ত চৰ্যাপদৰ পৰিৱেশ্য জ্ঞান আহৰণ কৰি অসমত এখন কৰ্মশালা সাহিত্য সভাই আয়োজন কৰা পোষকতা কৰিছে।"

উল্লেখ্য যে প্ৰায় শতাধিক গৱেষক পণ্ডিতে উক্ত আলোচনা-সত্ৰখনত পাঠ কৰিব গৱেষণা-পত্ৰ।আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে  যাত্ৰা কৰিব লগা প্ৰতিনিধি দলটোৱে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা বৰ্তমান সময়লৈকে লাভ কৰা নাই কোনো অৰ্থ সাহায্য।ফলত,ধাৰ-ঋণ লৈ নিজৰ সাঁচতীয়া পুঁজি ব্যয় কৰি যাবলৈ ওলাইছে প্ৰতিনিধিৰ দলটো।এই সন্দৰ্ভত অসম সাহিত্য সভাই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক প্ৰয়োজনীয় পুঁজি বিচাৰি আবেদন কৰি আহিছিল যদিও দুৰ্ভাগ্যজনকভাৱে বিভাগে টকা নাই বুলি সাহিত্য সভাক অৱগত কৰে।এই কথা ৰাজবংশীয়ে সংবাদমেলত জানিব দিয়ে।তেওঁ এই ক্ষেত্ৰত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচাৰে আৰু নেপাললৈ যাব লগা প্ৰতিনিধি দলটোক সাহায্য পুঁজিৰ যোগাৰ কৰি দিয়াৰ আহ্বান জনায়।

 ইফালে,ডঃ ৰাজবংশীয়ে সংবাদমেলত জানিবলৈ দিয়ে-"অহা ৫ এপ্ৰিলত নৱগঠিত অসম সাহিত্য সভাৰ কাৰ্যনিবাহকক প্ৰদান কৰা হ'ব সম্পূৰ্ণ দায়িত্বভাৰ।বৰ্তমান তদাৰকী হিচাপে চলাই আছে কাৰ্য।"

Your Comments