উত্তৰ গুৱাহাটীৰ জয়গুৰুত পিতনিত সোমাই পৰিল ছুইফট ডিজায়াৰ:তিনিজন নিহত

Pic

মৰণফাণ্ডত পৰিণত হৈছে ৰাজ্যৰ বাট-পথসমূহ।বিগত ২৪ ঘণ্টাত ৬ গৰাকী লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ পিছত শনিবাৰে নিশা পুনৰ নিহত হয় তিনিগৰাকী লোক।উত্তৰ গুৱাহাটীৰ জয়গুৰু এলেকাত শনিবাৰে নিশা সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনা দুৰ্ঘটনাত মৃত্যু হয় তিনিজন লোকৰ।নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পিতনিত সোমাই পৰে এখন ছুইফট ডিজায়াৰ।ফলত,গাড়ীৰ পৰা ওলাই আহিব নোৱাৰি নিহত হয় তিনিজন লোকৰ।পুৱতি নিশা তেওঁলোকৰ মৃতদেহ পিতনিৰ পৰা উদ্ধাৰ কৰা হয়। নিহতসকলৰ ভিতৰত আছে দুজন যুৱক আৰু এগৰাকী যুৱতী।মৃত্যু হোৱা এজন লোকক তপন শৰ্মা বুলি চিনাক্ত কৰা হৈছে।নিহত হোৱা যুৱতীগৰাকীক মধুস্মিতা শৰ্মা বুলি চিনাক্ত কৰা হৈছে।তপন শৰ্মাৰ ঘৰ নলবাৰীত।মৃতক এজন পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।

Your Comments