'উদ্যোগ মন্ত্ৰীয়ে চিমেণ্ট কোম্পানীক চলায় নে চিমেণ্ট কোম্পানীয়ে উদ্যোগ মন্ত্ৰীক চলায়,সন্দেহ আছে'-ধৰ্মকান্ত গগৈ

Pic

"সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ বিৰুদ্ধে ব্যস্ত থকাৰ সময়তে মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশৰ লগতে ৰাজ্যৰ জনতাক।যি সময়ত ৰাজ্যৰ দল-সংগঠন তথা সাধাৰণ জনতাই মোডী চৰকাৰৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জুমুঠী জ্বলাব লাগিছিল,সেই সময়ত আমিনুল ইছলামক লৈ ৰাজ্যত জ্বলিছে জুমুঠী।ৰাজ্যবাসীৰ বাবে এয়া  চৰম দুৰ্ভাগ্যজনক"-এই গুৰুত্বপূৰ্ণ মন্তব্য 'দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসম'ৰ সভাপতি ধৰ্মকান্ত গগৈ।গগৈয়ে লগতে কয়-"আহোম জাতিৰ ইতিহাস বুৰঞ্জীৰে পাতত লিপিবদ্ধ আছে।তেনেস্থলত আমিনুল ইছলামৰ চক্রান্তমূলক ভাষ্যক লৈ ৰাইজ ব্যস্ত হোৱাৰ কোনো প্ৰয়োজন নাই।"

"অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা মোডী চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি গগৈয়ে কয়- "বিগত পাঁচমাহত দেশত ৰন্ধন গেছৰ ছিলিণ্ডাত বৃদ্ধি পাইছে ২৮০.৫০টকা।পাঁচ মাহত পাঁচবাৰকৈ বৃদ্ধি হোৱা ৰন্ধন গেছৰ সৰ্বাধিক বৃদ্ধি হৈছে চলিত মাহত ১৪৯.৫০ টকা।"

গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদ মেলখনত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ প্ৰশ্ন কৰি কয়-"টপচেম, ডালমিয়া আৰু ষ্টাৰ চিমেণ্ট নামৰ কোম্পানীকেইটাক পাটোৱাৰীয়ে চলায় নে সেই কোম্পানীকেইটাই পাটোৱাৰীক চলায় সন্দেহ আছে।কিয়নো চৰকাৰৰ কোনো অনুমতি অবিহনে মন গ'লেই কোম্পানীকেইটাই দাম বঢ়ায় চিমেণ্টৰ। তিনিদিন পূৰ্বে প্ৰতিবেগ চিমেণ্টৰ দাম বৃদ্ধি হৈছে ২০ টকাকৈ।সেই অনুসৰি এতিয়া প্ৰতিবেগৰ দাম অসমত ৪৭৫ টকা।"

গুৰুত্বপূৰ্ণ যে গগৈয়ে উল্লেখ কৰা অনুসৰি অসম আৰু মেঘালয়ত উৎপাদিত এইসমূহ চিমেণ্ট শিলিগুৰিত বিক্ৰী হয় ৩১০ টকাত আৰু অসমত পাইকাৰী বিক্ৰী হয় ৪০৫ টকাত।

ইফালে,গগৈয়ে সংবাদ মেলৰ জড়িয়তে ৰাজ্য চৰকাৰলৈ আহ্বান জনাই কয়- "দিল্লীত কেজৰিৱালে যিদৰে ২০০ইউনিট বিজুলী বিনামূলীয়াকৈ দিছে,তেনেদৰে অসমতো ১০০ ইউনিট বিনামূলীয়া বিজুলী যোগান ধৰক"।

"অসমৰ মহিলাৰ বাবে বাছ ভাড়া ৫০%শতাংশ হ্ৰাস কৰক।"

"দৰিদ্ৰ সীমাৰেখাৰ তলৰ  ব্যক্তিৰ বাবে ৫০%সুলভ মূল্যত যোগান ধৰক দৰৱ"-সংগঠনটোৰ হৈ গগৈয়ে কয়।

Your Comments