অসমৰ সংগ্রামী যুৱ শক্তিয়ে 'কা'ৰ বিৰুদ্ধে দেশবাসীক জগাই তুলিলে-যোগেন্দ্ৰ যাদৱ

Pic

"দেশবাসীয়ে বুজি নাপাওঁতে ২০১৫ চনত সংসদত 'কেব',বৰ্তমান 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ জাননী জাৰি কৰোঁতে অসমৰ মানুহে বুজি পাইছিল ইয়াৰ ভয়াৱহতা।ভাৰতৰ সংসদত 'কা' গৃহীত হোৱাৰ পিছতো দেশবাসী যেতিয়া মনে-মনে আছিল,সেই সময়ত অসমৰ যুৱ-শক্তি তথা সংগ্রামী জনতাই গুৱাহাটীত সান্ধ্য আইন ভংগ কৰি 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল"-এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী তথা সমাজসেৱক যোগেন্দ্ৰ যাদৱৰ।গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে "অসম আৰু সৰ্বভাৰতীয় পৰ্যায়ত 'কা' বিৰোধী আন্দোলনৰ গতি-পথ" বিষয়ত 'সুস্থ সমাজ বিকাশ চক্ৰ'ই আয়োজন কৰা আলোচনা সভাত অংশগ্ৰহণ কৰি 'কা' বিৰোধী আন্দোলনক দেশবাসীৰ মাজলৈ লৈ যোৱাৰ বাবে যাদৱে ধন্যবাদ জনায় অসমৰ নাগৰিক তথা যুৱ সমাজক।তেওঁ কয়-"বিজেপিয়ে ভাবিছিল অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদক নিজৰ হাতৰ মুঠিত ৰাখি যুৱ শক্তি তথা ৰাইজৰ কণ্ঠ ৰোধ কৰিব পাৰিম।কিন্তু ৰাইজে দেখুৱাই দিলে তেওঁলোক অগপত সোমাই থকা নাই। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱ শক্তি ঐক্যবদ্ধ হ'ল আৰু প্ৰতিবাদক ৰূপ দিলে আন্দোলনলৈ।" "ছাত্ৰ আন্দোলনৰ দীঘলীয়া ইতিহাস আছে অসমত।দেশৰ য'ত কেতিয়াও ছাত্ৰ আন্দোলন হোৱা নাছিল,সেই ঠাই সমূহত এতিয়া আন্দোলন হৈছে।পূৰ্বতে ভাৰত ত্যাগ আন্দোলন হৈছিল কিন্তু এতিয়া ভাৰত ৰক্ষাৰ আন্দোলন হৈছে"- বুদ্ধিজীৱী যাদৱে কয়। বিদেশী সমস্যা অসমৰ প্ৰধান সমস্যা বুলি উল্লেখ কৰি যাদৱে কয়-"অসম চুক্তি দুটা ৰাজনৈতিক দলৰ মাজত হোৱা চুক্তি নহয়।অসম চুক্তি হৈছে এখন সম্পূৰ্ণ চৰকাৰৰ চুক্তি।৩০বছৰে অসম চুক্তিৰ ফচল এনআৰচি উন্নীতকৰণ কৰিব লাগিছিল।কিন্তু ৰাজনৈতিক দলসমূহৰ সদিচ্ছা নাছিল।" সমগ্ৰ দেশত এনআৰচি উন্নীতকৰণৰ কোনো প্ৰয়োজন নাই।য'ত নেকি ৰাজ্যৰ জনতাই বিচৰা নাই,তাৰ পিছতে দেশজুৰি এনআৰচি উন্নীতকৰণ কৰিব বিচৰাটো একমাত্ৰ আগন্তক কলকাতাৰ নিৰ্বাচন জিকিব বিচাৰ কৌশল বুলি উল্লেখ কৰি যাদৱে কয়-"হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি নিৰ্বাচন জিকাৰ কৌশল।" "কা'ৰ আন্দোলন দেশজুৰি একত্ৰিতভাৱে আগবঢ়াই নিবলৈ হ'লে উত্তৰ-পূৰ্বাঞ্চল, যুৱ শক্তি আৰু মুছলিম সকলৰ সংগ্রাম একলগ হ'ব লাগিব।সৰু-সৰু চহৰ,গাঁৱৰ জনতাৰ মাজলৈ সংগ্রামখন লৈ যাব লাগিব।প্ৰচাৰৰ কৌশল সংবাদ মাধ্যমৰ সমান্তৰাললৈ জনতাই মুখে-মুখে আগবঢ়ায় নিব লাগিব।কাৰণ দেশৰ অধিকাংশ সংবাদ মাধ্যমক এতিয়া মুখ বন্ধ কৰি ৰাখিছে চৰকাৰে"-যোগেন্দ্ৰ যাদৱে মন্তব্য কৰে। "অসম আৰু দেশৰ আন্দোলন একত্ৰিত নহ'লে চৰকাৰী পক্ষ সফল হ'ব আন্দোলন দমন কৰাত।পৃথক ৰাজনীতিকৰণ চলিব ৰাজ্যসমূহত"-যাদৱে কয়। আলোচনা চক্ৰত উপস্থিত থাকি কৃষক আন্দোলনৰ নেতা অভিক সাহাই কয়- "এই আন্দোলনে জন্ম দিব নতুন ভাৰতৰ"। আলোচনা চক্ৰখনৰে আঁত ধৰে শিক্ষাবিদ অপূৰ্ব বৰুৱাই।উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোঁহাই,বিশিষ্ট সাংবাদিক মনোৰম গগৈ প্ৰমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তি। আনহাতে,শুকুৰবাৰে পুৱা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ কৃষক নেতা অখিল গগৈক সাক্ষাৎ কৰে যোগেন্দ্ৰ যাদৱ আৰু অভিক সাহাই।সাক্ষাতৰ সময়ত গগৈয়ে কয়- "দেশবাসীয়ে একত্ৰিত হৈ আন্দোলন কৰিব আৰু ইয়াৰে নেতৃত্ব দিব যুৱ শক্তিয়ে।"

Your Comments