নাথ-যোগী উন্নয়ন পৰিষদলৈ আবন্টিত পুঁজিৰ কেলেংকাৰি ফাদিল:নাথ-যোগী ছাত্ৰ সন্থা

Pic

"ৰাজ্যৰ নাথ-যোগী জনগোষ্ঠীৰ উন্নয়নৰ বাবে চৰকাৰে গঠন কৰি দিয়া নাথ-যোগী উন্নয়ন পৰিষদে ব্যাপক খেলি-মেলিৰ জৰিয়তে সৰাধ কৰিছে উন্নয়নৰ ধন।২০১৭-১৮ বিত্তীয় বর্ষত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে আবণ্টিত পুঁজি ব্যয়ত হৈছে ব্যাপক দুৰ্নীতি।তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত পোৱা তথ্য অনুসৰি উক্ত বিত্ত বর্ষত আবন্টিত ৩২লাখ ৪০হাজাৰ টকা সমূদায় ধন আত্মসাত কৰা হৈছে"-এই বিস্ফোৰক অভিযোগ সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ উপদেষ্টা বিপ্লৱ নাথৰ।নাথৰ অভিযোগ উক্ত বিত্তীয় বর্ষত আবন্টিত মুঠ পুঁজিৰ ২৫ লাখ ৪৭ হাজাৰ টকা আৰটিআইৰ তথ্যত ব্যয় কৰা দেখা গৈছে।আৰটিআইৰ তথ্যত দেখা অনুসৰি নাথ-যোগী উন্নয়নৰ বাবে পঞ্জীয়ন নোহোৱা মধ্যপ্ৰদেশৰ Amulatt Education Service Pvt.Ltd নামৰ এটা এনজিঅ'ৱে তিনিমাহ মটৰ ড্ৰাইভিং প্ৰশিক্ষণ দিয়াৰ নামত ২লাখ ৯৫হাজাৰ ২৫৭টকা আৰু ৫০জন নাথ যোগী দক্ষতা সম্পন্ন ফুটবল খেলুৱৈক প্ৰশিক্ষণ দিয়াৰ নামত ৮লাখ ৫০ হাজাৰ টকা ব্যয় কৰা বুলি উল্লেখ আছে।ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়া অনুসৰি লখিমপুৰ, ধেমাজি, বিশ্বনাথ, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, কামৰূপ(ম), যোৰহাট, শোণিতপুৰ জিলাত নাথ যোগী লোকসংস্কৃতিৰ কাৰ্যসূচী আৰু কৰ্মশালাত ব্যয় কৰা হৈছে ১৪লাখ টকা। কিন্তু গুৰুত্বপূৰ্ণ কথা এই যে সংগঠনটোৰ দাবী যিসমূহ কাৰ্যসূচীত পুঁজি ব্যয় কৰা দেখুৱা হৈছে,তেনেধৰণৰ কোনো কাম কৰা নাই পৰিষদে"-এইদৰে কয় উপদেষ্টা নাথে।

উল্লেখ্য যে ২০১০চনতে গঠিত নাথ যোগী উন্নয়ন পৰিষদত ২০১৭-১৮বর্ষত অধ্যক্ষ আছিল ধীৰেন নাথ।আনহাতে,সংগঠনটোৱে জানিবলৈ দিয়া অনুসৰি বিত্তীয় কেলেংকাৰী সন্দৰ্ভত যোৱা ৩০ ডিচেম্বৰত দুৰ্নীতি নিবাৰক শাখা আৰু সেই একেদিনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই পৰিষদৰ বিৰুদ্ধে।তেওঁলোকৰ দাবী সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰিব লাগে।

গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলত সংগঠনটোৰ উপ- সভাপতি তৰংগ নাথ,বকুল নাথ প্ৰমুখ্যে বহুকেইজন সদস্য উপস্থিত থাকে।

Your Comments