সোমবাৰৰ পৰা ৰাজ্যৰ ৮৫০টা কেন্দ্ৰত অনুষ্ঠিত হ'ব শিক্ষাৰ্থী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা চমুকৈ মেট্ৰিক।১১ৰ পৰা অহা ২৯ ফেব্ৰুৱাৰীলৈকে চলিব লগা এইবাৰৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যৰ মুঠ ৩ লাখ ৫৮হাজাৰ ৪৫৩গৰাকী ছাত্ৰ-ছাত্ৰী।পৰীক্ষা স্বচ্ছ-নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে পূৰ্বৰ তুলনাত ছেবা কৰ্তৃপক্ষই সংযোজন ঘটাইছে বহুকেইটা নতুন নিয়মৰ পূৰ্বৰ আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে এইবাৰ মেট্ৰিক পৰীক্ষা নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰিছে বিশেষ কমিটী। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত সংযোজন ঘটোৱা হৈছে বহুকেইটা নতুন নিয়ম।সেই অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে নকল কৰিলে পূৰ্বৰ দৰে বহিষ্কাৰৰ সলনি এতিয়া কৰা হ'ব তিনিবছৰৰ বাবে নিলম্বন।আনহাতে, কোনো পৰীক্ষা কেন্দ্রত নকল কৰাৰ বাবে যদি ছাত্ৰ-ছাত্ৰীক সুবিধা দিয়া হয়,তেন্তে তেনে পৰীক্ষা কেন্দ্ৰৰ অনুমতি বাতিল হ'ব।এই কথা জানিবলৈ দিছে 'ছেবা'ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে। আটাইকেইটা বিষয়ৰ প্ৰশ্নকাকত পৃথক পৃথক ৰঙৰ হ'ব বুলি উল্লেখ কৰি সচিব সেনাপতিয়ে লগতে কয়-"নীৰিক্ষকে প্ৰশ্ন কাকতৰ টোপোলা খোলোতে দুগৰাকী পৰীক্ষাৰ্থীক সাক্ষী কৰি খুলিব লাগিব।" "পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে মোবাইল,ঘড়ী আৰু কেলকুলেটৰ।নীৰিক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল।কেন্দ্ৰসমূহত চিচিটিভিৰ লগতে প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে জামাৰ।উল্লেখ্য যে জামাৰ হৈছে মোবাইল নেটৱৰ্ক বিকল কৰি ৰখাৰ এক প্ৰযুক্তি"-সেনাপতিয়ে লগতে কয়। গুৰুত্বপূৰ্ণ কথা এই যে পৰীক্ষাৰ্থী যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো পৰীক্ষা কেন্দ্ৰত জাৰি কৰা হৈছে ১৪৪ধাৰা।পৰীক্ষা কেন্দ্ৰৰ ৫০মিটাৰৰ ভিতৰত নিষিদ্ধ কৰা হৈছে প্ৰৱেশ।একেদৰে সমান্তৰালকৈ স্পৰ্শকাতৰ কেন্দ্ৰ লসমূহত নিয়োগ কৰা হৈছে ফ্লায়িং স্কোৱাড।এই কথা জানিবলৈ দিয়ে সচিব সেনাপতিয়ে।
- Log in to post comments
- 15 views