সুদীৰ্ঘ ১৮বছৰৰ পিছত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।অহা মাৰ্চ মাহৰ মাজভাগত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে লোৱা হৈছে সিদ্ধান্ত।শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ ৭৬ গৰাকী সদস্যৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ, গালিবুৰ ৰহমান, সঞ্জয় ৰায়, গৌৰৱ জ্যোতি নেওগ, উৎপল বৰুৱা, প্ৰশান্ত প্ৰতিম দত্তৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে সভাপতি সঞ্জীৱ কুমাৰ ফুকন আৰু সম্পাদক নৱ ঠাকুৰীয়াক প্ৰদান কৰে। স্মাৰকপত্ৰ গ্ৰহণ কৰি সম্পাদক নৱ ঠাকুৰীয়াই মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।লগতে,অহা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নতুন সদস্য ভৰ্তি আৰু সদস্য পঞ্জীয়ন নৱীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰো আশ্বাস দিয়ে।
আনহাতে,নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে নিৰ্বাচিত নতুন কমিটীয়ে অহা পহিলা এপ্ৰিলৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি সঁজাতি দলটোক নৱ ঠাকুৰীয়াই অৱগত কৰে।
স্মাৰকপত্ৰখনৰ প্ৰতিলিপি উপ-সভাপতি ৰবি শংকৰ ৰবি, কোষাধ্যক্ষ সবিতা লহকৰ, সহকাৰী সাধাৰণ সম্পাদক সৌৰভ কুমাৰ বৰালৈও প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে ২০০৩ চনতেই অন্তিমবাৰৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। উক্ত বৰ্ষত সম্পাদকৰূপে নৱ ঠাকুৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বিগত ১৭ বছৰে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।প্ৰায় ডেৰ দশকতকৈও অধিক কালৰ পিছত গুৱাহাটী প্ৰেছ ক্লাবত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ ওলোৱাত ৰাজ্যৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে সন্তোষ প্ৰকাশ কৰিছে।
- Log in to post comments
- 25 views