আছু-৩০জনগোষ্ঠীয় সংগঠন,যুৱ ছাত্ৰ-পৰিষদ আৰু শিল্পী সমাজৰ আজি ৰাজ্যজুৰি জোঁৰ সমদল

Pic

কেন্দ্ৰৰ বিজেপি চৰকাৰে অবৈধ বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিয়া, ঐতিহাসিক অসম চুক্তিক উলংঘা কৰা,খিলঞ্জীয়া বিৰোধী অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।সংগ্রামক শৃংখলাবদ্ধ আগবঢ়াই নিয়াৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থা-৩০জনগোষ্ঠীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজে আজি শনিবাৰে 'কা' বাতিলৰ দাবীত ৰাজ্যজুৰি গ্ৰহণ কৰিব জোঁৰ সমদল কাৰ্যসূচী।সংগঠনকেইটাৰ  সামূহিক নেতৃত্বই প্রেৰণ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি আজি প্ৰতিখন জিলা সদৰত  ৰূপায়ণ  কৰা হ'ব জোঁৰ সমদল কাৰ্যসূচী।মহানগৰীতো আজি সন্ধিয়া ৰূপায়ণ কৰা হ'ব জোঁৰ সমদলৰ কাৰ্যসূচী।

Your Comments