আগন্তক বর্ষত ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন:কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ ভৱিষ্যৎবাণী

Pic

৩৭ বছৰত ভৰি দিলে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাই।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বহুল চৰ্চিত অসমীয়া পঞ্জিকাখনৰ ২০২০-২১ বর্ষৰ সংস্কৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।পঞ্জিকাখন উন্মোচন কৰে প্ৰকাশক ৰঞ্জিত কুমাৰ শইকীয়া,সম্পাদক ভৱেশ কুমাৰ শৰ্মা বৰুৱা আৰু পঞ্জিকাখনৰ গাণনিক দীপক কুমাৰ শৰ্মাই। পঞ্জিকাখন উন্মোচন কৰি ২০২০-২১বর্ষৰ ৰাজ্যৰ ৰাজনীতিৰ বহুকেইটা ভৱিষ্যৎবাণী উল্লেখ কৰে পঞ্জিকাখনৰ গাণনিক দীপক কুমাৰ শৰ্মাই।সেই অনুসৰি 'অসমৰ ভাগ্য স্থানত বুধ নীচস্থ হৈ অৱস্থান কৰাত চৰকাৰৰ কাম-কাজত বিভিন্ন জাতি-জনজাতি,জনসাধৰণ,ছাত্ৰ সংগঠন,ৰাজনৈতিল দলে বিক্ষোভ প্ৰদৰ্শন কৰিব।চৰকাৰে জনগণৰ উন্নয়নৰ বাবে কল্যাণমূলক আঁচনি হাতত ললেও ফলৱতী হোৱাৰ ত বাধা আহিব।' "বিভিন্ন বাধা-বিঘিনিৰ মাজেৰে চৰকাৰে মিত্ৰজোঁটৰ জৰিয়তে গাদী ৰক্ষা কৰিব।অৱশ্যে অগপৰ বাবে ভাল নহয় আগন্তক বর্ষটো।কিয়নো মিত্ৰগোটৰ চৰকাৰ গঠন হ'লেও সেই মিত্ৰগোটৰ অংশীদাৰ নহয় অগপ।ৰবি-কেতু-কেতু একে ৰেখাত অৱস্থান কৰাৰ বাবে কন্দল বৃদ্ধি পাব দলটোৰ মাজত।নেতৃত্বক লৈ বিভাজন হব পাৰে অগপ"-গাণনিক দীপক কুমাৰ শৰ্মাই কয়। গুৰুত্বপূৰ্ণ কথা এই যে "বুধ ৰজা হোৱাৰ বাবে অসমত এটা নতুন ৰাজনৈতিক দলৰ উত্থান হ'ব।যুৱ শক্তি আৰু মহিলাই প্ৰাধান্য পাব লগা ৰাজনৈতিক দলটোক ৰাইজে মৰম কৰিব কিন্তু শনি মন্ত্ৰী হোৱা বাবে নতুন দলটোৱে অকলে চৰকাৰ গঠন কৰাত বাধা আহিব"-গাণনিক শৰ্মাই কয়।লগতে আন এটা প্ৰসংগ উল্লেখ কৰি তেওঁ আৰু কয়-"মঙলৰ অশুভ প্ৰভাৱত আহাৰ মাহৰ পৰা ভাদ মাহৰ ভিতৰত অসমৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে।"

Your Comments