স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱৰ বাবে সাত ফেব্ৰুৱাৰীত চৰকাৰী বন্ধ ঘোষণা

Pic

বড়োভূমিৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱৰ বাবে অহা সাত ফেব্ৰুৱাৰীত বড়োভূমিৰ চাৰিখন জিলাত চৰকাৰী বন্ধ ঘোষণা।বিজয় উৎসৱত অংশগ্ৰহণৰ সুবিধা বাবে কোকৰাঝাৰ,ওদালগুৰি, লবাক্সা আৰু চিৰাং জিলাত উক্ত দিনা বিদ্যালয়-মহাবিদ্যালয় তথা চৰকাৰী সকলো প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে।উল্লেখ্য যে কোকৰাঝাৰত আয়োজন কৰা বিজয় উৎসৱত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।

Your Comments