অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ বিয়োগ ঘটিছে।গুৱাহাটীৰ হেলথ চিটী হাস্পতালত সোমবাৰে ৰাতি ১০.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।১৯৩৬চনত জন্মগ্ৰহণ কৰাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ২০১১ পৰা ২০১৬ চনলৈ অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল।ইয়াৰ উপৰিও তৰুণ গগৈৰ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল নেতাগৰাকীয়ে।
সমগ্ৰ ৰাজ্যৰ লগতে প্ৰণৱ গগৈৰ মৃত্যুত শোকৰ ছাঁ পৰিছে তেওঁ গৃহ সমষ্টি শিৱসাগৰত।মৃত্যুৰ সময়ত গগৈৰবয়স হৈছিল ৮৪ বছৰ।
উল্লেখ্য যে গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ আগশাৰীৰ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ নশ্বৰ দেহ অনা হ'ব।ৰাজীৱ ভৱনত দলৰ কৰ্মীসকলে শেষ শ্রদ্ধা জনাব গগৈক।ইফালে,গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- Log in to post comments
- 21 views