বড়ো বিদ্ৰোহী সংগঠন আৰু জাতীয় সংগঠনেৰে ভাৰত চৰকাৰে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি গঠন কৰিলে বিটিআৰ।বিটিআৰ গঠনৰ পিছতে বিটিএডিত অবড়ো সংগঠনসমূহৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।ভাৰত চৰকাৰৰ এই নীতিক বিৰোধিতা কৰি অবড়ো সংগঠনসমূহে গ্ৰহণ কৰিছে অবিৰত আন্দোলন কাৰ্যসূচী।তাৰ মাজতে অহা সাত ফেব্ৰুৱাৰীত বড়ো শান্তি চুক্তি উদযাপন কৰিবলৈ কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। দুয়োগৰাকী কেন্দ্ৰীয় নেতাৰ আগমনক লৈ কোকৰাঝাৰত শাসক পক্ষৰ প্ৰস্তুতি তুংগত উঠিছে।ইফালে,বিটিআৰৰ বিজয় উৎসৱলৈ প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহ অহাটো নিশ্চিত হোৱাৰ পিছতে অবড়ো সুৰক্ষা সমিতিয়ে উক্ত দিনটোৰ বাবে ব্যাপক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।সেই অনুসৰি সাত ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা আঠ ফেব্ৰুৱাৰীৰ পুৱা পাঁচ বজালৈ ঘোষণা কৰিছে ২৪ ঘন্টীয়া অসম বন্ধৰ কাৰ্য্যসূচী।ইয়াৰ উপৰিও উক্ত দিনটোত সমগ্ৰ বিটিএডিত তেওঁলোকে ৰূপায়ণ কৰিব অৱৰোধ কাৰ্যসূচী।অবড়োৰ এই কাৰ্য্যসূচীলৈ বিটিএডি আৰ্মিকে ধৰি বহুকেইটা সংগঠনে সমৰ্থন আগবঢ়াইছে। আনহাতে,অহা ১২ ফেব্ৰুৱাৰীৰ পৰা দিল্লীত অবিৰত ধৰ্মঘট পালন কৰিব অবড়ো সুৰক্ষা সমিতিয়ে।তাৰ পিছতো চৰকাৰে অবড়ো সংগঠনসমূহৰ লগত আলোচনাত মিলিত নহ'লে,হাজাৰ- হাজাৰ লোকে দিল্লী,দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে। ইফালে,বিটিএডিত অবড়ো সুৰক্ষা সমিতিয়ে অব্যাহত ৰাখিছে গণ পদযাত্ৰা কাৰ্যসূচী।উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে আক্ৰাছুকে ধৰি বহুকেইটা সংগঠনে সাত ফেব্ৰুৱাৰীৰ দিনটো ক'লা দিন হিচাপে পালন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
- Log in to post comments
- 61 views