কেইবাদফীয়া দাবী লৈ আজিৰে পৰা ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ দুদিনীয়া ধৰ্মঘট।সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ বেংক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিছে ধৰ্মঘট কাৰ্যসূচীত।
ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ কৰ্মদিন সপ্তাহত ৫ টালৈ হ্ৰাস কৰা,কৰ্মচাৰীৰ ২০শতাংশ দৰমহাৰ বৃদ্ধি দাবীৰে সাব্যস্ত কৰিছে এই ধৰ্মঘট কাৰ্যসূচী।উল্লেখযোগ্য যে ষ্টেট বেংক অব ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ বেংকৰ কৰ্মচাৰীয়ে এই ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু অংশগ্ৰহণ কৰিছে।ইফালে,ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ বাবে দেশৰ লগতে অসমৰো এটিএম ব্যৱস্থাত গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকাৰ সৃষ্টি হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে কৰ্মচাৰীসকলৰ ধৰ্মঘট দুদিনীয়া হ'লেও জনতা তিনিদিনৰ বাবে বঞ্চিত হ'ব বেংক সেৱাৰ পৰা।কিয়নো তৃতীয় দিনটো দেওবাৰ।
গুৱাহাটী মহানগৰীৰ দিছপুৰৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ উত্তৰ-পূৰ্বাঞ্চল শাখাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰীসকলে সাব্যস্ত কৰিছে ধৰ্মঘট কাৰ্যসূচী।
- Log in to post comments
- 25 views