'কা' বলৱৎ হোৱাৰ পিছত ৭ ফেব্ৰুৱাৰীত প্ৰথমবাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

Pic

'নাগৰিকত্ব সংশোধনী আইন- ২০১৯' বলৱৎ হোৱাৰ পিছত প্ৰথমবাৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।স্বাক্ষৰিত বড়ো শান্তি চুক্তি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ'ব কোকৰাঝাৰত।এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।বড়ো শান্তি চুক্তিৰ বাবে সেই দিনটোত মোডীক ৰাইজ ওলাই আহি ধন্যবাদ জনাবলৈ আহ্বান জনাইছে মন্ত্ৰী শৰ্মাই।উল্লেখ্য যে ৰাজ্যৰ 'কা' বিৰোধী নাগৰিক সমাজৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত পূৰ্বতে দুবাৰকৈ বাতিল কৰা হৈছিল মোডীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী।তাৰ এটা আছিল জাপানৰ প্ৰধানমন্ত্ৰীৰে ২০১৯ বর্ষৰ ১৫ ডিচেম্বৰৰ বৈঠক।পৰৱৰ্তী সময়ত খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰ্যসূচীও বাতিল কৰা হৈছিল।

Your Comments