নৰেন শৰ্মা,বাহাৰঘাট :
পোহৰৰ উৎসৱ দিপাৱলীলৈ মাথো আৰু কেইটামান দিন বাকী৷দীপাৱলীৰ বাবে মাটিৰ চাকি নিৰ্মাণ কৰাত ব্যস্ত সকলো মৃৎ শিল্পী ৷পিচপৰি থকা নাই কামৰূপ গ্ৰাম্য জিলাৰ পূৰ্নখুমদুম হীৰাপাৰাৰ মৃৎ শিল্পী সকলো৷পূৰ্ব পুৰুষৰ পৰা বংশানুক্ৰমে চলি অহা বৃত্তিগত শিল্পটোক বাদ দিব পৰা নাই এইসকল সহজ সৰল শিল্পীয়ে৷তেওঁলোকৰ এটাই আক্ষেপ যে বৰ্তমান দেশত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধৰ ক্ষেত্ৰত চৰকাৰ তথা জনসাধাৰণে ব্যাপক হাৰত প্ৰচাৰ আৰম্ভ কৰিছে৷আনকি এইক্ষেত্ৰত কিছুপৰিমাণে সফলো হৈছে।চৰকাৰে প্লাষ্টিকৰ সলনি মাটিৰ কাপ বা অন্য প্লেট,চৰু আদি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে যদিও জনসাধাৰণে সেই প্ৰক্ৰিয়াক এতিয়াও আদৰি লোৱা নাই৷যাৰফলত এই শিল্পী সকলে অতি হেপাহৰে বনোৱা মাটিৰ কাপ,চৰু আদি অব্যৱহাৰ্য সামগ্ৰীলৈ ৰূপান্তৰিত হৈছে৷কিন্তু সমাগত দীপান্বিতাত মাটিৰ চাকিৰ পোহৰেৰে ৰাইজৰ পদুলি মুখ উজ্জ্বলাই তুলিবলৈ ব্যপক প্ৰস্তুতি চলাইছে এইসকল শিল্পীয়ে৷কামৰূপ আৰু নলবাৰী জিলাৰ মধ্যবৰ্তী স্থান উক্ত অঞ্চলৰ প্ৰায় ৫০ টা পৰিয়ালৰ প্ৰতি পৰিয়ালে দহৰ পৰা ত্ৰিশ হেজাৰ মাটিৰ চাকি বনাই মুঠ ১০ লক্ষাধিক মাটিৰ চাকিৰে বিশ্ব পোহৰ কৰাৰ সপোন দেখিছে এই সকল হীৰা সম্প্ৰদায়ৰ মৃৎ শিল্পীয়ে ।
এনেদৰে বছৰে বছৰে পোহৰাই আছে আনৰ পদূলি কিন্তু এইসকল শিল্পীয়ে নিজেই যেন গৈ আছে এটি অন্ধকাৰ ভবিষ্যতলৈ৷এওঁলোকৰ বাবে চৰকাৰে বহুত আচনি লয় কিন্তু সকলো ফুটুকাৰ ফেন হে মাথো৷নিজৰ শিল্পকৰ্মত ব্যৱহাৰ হোৱা মাটিখিনিৰ বাবেও কেতিয়াবা হাবাথুৰি খাৱ লগা অৱস্থা হয়৷বৰলীয়া নৈৰ পাৰতে বসবাস কৰি অতীতৰ পৰা জীৱন নিৰ্বাহ কৰা এইসকল লোকৰ নাই উপযুক্ত যোগাযোগ ব্যৱস্থা৷হাজো আৰু বৰক্ষেত্ৰী সমষ্টিৰ মাজৰ এটি পথ,তাৰো অৱস্থা অতি পুতৌ লগা৷দুয়ো সমষ্টিৰ প্ৰতিনিধি দুজনক আবেদন নিবেদন কৰিও একো ফল পোৱা নাই৷ তথাপিও দুখ নাই এই শিল্পী সকলৰ ৷সমাগত দিপাৱলীৰ বাবে দিনৰাতি একাকাৰ কৰি পুৰুষ মহিলা সকলোৱে লাগি পৰিছে মাটিৰ চাকি বনোৱাত৷ অঞ্চলটোত নিৰ্মিত হৈছে প্ৰায় দহ লক্ষাধিক মাটিৰ চাকি৷ অতি পৰিতাপৰ বিষয় যে বংশগতভাবে পৰাম্পৰা ৰক্ষা কৰা এই মৃৎ শিল্পী সকলে হোৱা কষ্টৰ বিনিময়ত আজিলৈ পোৱা নাই উপযুক্ত মজুৰি৷ অতি দুখীয়া এই শিল্পীসকলে দিনৰাতি কৰিবলগীযা হৈছে কঠোৰ জীৱন সংগ্ৰাম ।তেওঁলোকৰ এটাই আশা বিজুলী চাকিৰ যিমান ৰং-চং ওলালেও ৰাইজে মাটিৰ চাকিৰ মৰ্যাদা ৰাখিবই।
বজাৰত সুলভ কৃত্ৰিম চাকি-ৰঙীন লাইটে কিছু পৰিমাণে মাটিৰ চাকিৰ চাহিদা কম কৰিলেও,প্ৰতিটো পৰিয়ালে মাটিৰ চাকি ক্ৰয় কৰিবই৷ মাটিৰ চাকি অবিহনে যেন অসম্পূৰ্ণ পোহৰৰ এই উৎসৱটি যাৰ বাবে মৃৎ শিল্পী সকলে ধৰি ৰাখিছে সাতামপুৰুষীয়া এই পৰম্পৰা ।
ফটো আছে
- Log in to post comments
- 35 views