দূৰণিবতীয়া বাছৰ ২৫ শতাংশ ভাড়া বৃদ্ধিৰ বিৰোধিতা:ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৃতি দাহ 'এচইউচিআই'ৰ

Pic

সৰ্বসাধাৰণ নাগৰিকসকলক মাধমাৰ সোধাই ৰাজ্যৰ কেবিনেটে দূৰণিবতীয়া বাছৰ ভাড়া ২৫ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ বিৰোধিতাৰে বুধবাৰে এছইউচিআই-এ ৰাজ্যজুৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।কমিউনিষ্ট সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সৈতে মহানগৰ জিলা সমিতিয়ে উলুবাৰীৰ ৰাজপথত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোয়ে বক্তব্য  প্ৰকাশ  কৰে  যে  এনে সময়ত  বাছ  ভাড়া বৃদ্ধি কৰিছে, যি সময়ত ৰাজ্যত  প্ৰৱল  মূল্য বৃদ্ধি হৈছে, যেতিয়া নিৱনুৱা সমস্যা গুৰুতৰ হৈছে,লগতে যি সময়ত জনসাধাৰণ আৰ্থিক সংকটত বিপৰ্যস্ত হ'ব লগা হৈছে।সেই সময়ত জনসাধাৰণৰ কথা এবাৰলৈ চিন্তা নকৰি কেৱল মালিক পক্ষৰ স্বাৰ্থ ৰক্ষাৰ কৰা বাবে বৃদ্ধি কৰিছে বাছৰ ভাড়া।গতিকে এই সিদ্ধান্ত অন্যায় আৰু অযুক্তিকৰ। সেয়ে সংগঠনটোৱে ২৫ শতাংশ বাছ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত সোনোৱাল চৰকাৰে বাতিল কৰিবৰ লাগে বুলি দাবী  কৰে।

উল্লেখ্য যে ২৫ শতাংশ বাছ ভাড়া বৃদ্ধিৰ বিৰোধিতা কৰি বুধবাৰে সংগঠনটোৱে সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

Your Comments