বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী:ড:নগেন শইকীয়াক প্ৰদান কৰিব বঁটা

Pic

বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিব দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। বিশ্ববিদ্যালয়খনৰ দর্শনশাস্ত্ৰ বিভাগৰ তীৰ্থনাথ শৰ্মা-নিৰ্মলা দেৱী ন্যাসে আয়োজন কৰা তীৰ্থনাথ শৰ্মা-নিৰ্মলা দেৱী বঁটা প্ৰদান কাৰ্যসূচীৰ লগতে নিৰ্মলা দেৱী স্মাৰক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখাৰ্জীয়ে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰত্ন সন্মানেৰে বিভূষিত প্ৰাক্তন ৰাষ্ট্ৰপ্ৰতিগৰাকীয়ে ২০১৯ বর্ষৰ বাবে তীৰ্থনাথ শৰ্মা-নিৰ্মলা দেৱী বঁটা প্ৰদান কৰিব প্ৰথিতযশা সাহিত্যিক ড:  নগেন শইকীয়াক।ইয়াৰ উপৰিও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত অনুষ্ঠানতে 'কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক' শীর্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকেবি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী। বুধবাৰে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ'ব উক্ত অনুষ্ঠানটো।

Your Comments