
ঝাৰখণ্ডৰ ৩০ বছৰীয়া বাওঁহতীয়া স্পীনাৰ শ্বাহবাজ নাদিমৰ নামত আছে বিশ্ব অভিলেখ।বিগত বৰ্ষত বিজয় হাজাৰে ট্ৰফীত ৰাজস্থানৰ বিৰুদ্ধে ১০ ৰাণত ৮ টা উইকেট দখল কৰি তেওঁ 'লিষ্ট এ' ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বলিঙৰ নতুন অভিলেখ গঢ়িছিল।তেওঁ ২০ বছৰ পুৰণি অভিলেখ ভংগ কৰিছিল।তদুপৰি ৰঞ্জী ট্ৰফীটো তেওঁ ধাৰাবাহিকভাৱে চমকপ্ৰদ বলিং কৰি ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱাৰ বাবে দুৱাৰ টুকুৰিয়াই আছিল।অৱশেষত,আজি দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শ্বাহবাজ নাদিমে ভাৰতীয় দলৰ হৈ খেলাৰ গৌৰৱৰ অধিকাৰী হ'ল।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচীত অনুষ্ঠিত তৃতীয় তথা অন্তিম টেষ্টত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে নাদিমক।টেষ্টখনৰ বাবে চাইনামেন কুলদীপ যাদৱ আনফিট ঘোষণা হোৱাৰ পিছত নাদিমক ভাৰতীয় দলত স্থান দিয়া হৈছে।এতিয়া,ঘৰুৱা খেলপথাৰত অভিষেক টেষ্টত নাদিমে কেনে বলিং কৰে,তাক প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহী হৈ আছে ভাৰতীয় ক্ৰিকেটপ্ৰেমী।
- Log in to post comments
- 57 views