চৰাইদেউত নিৰ্বাচনী প্ৰচাৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

চৰাইদেউ জিলাৰ  সাপেখাতীত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে চলাই নিৰ্বাচনী প্ৰচাৰ।বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ প্ৰচাৰ চলাবলৈ সোণাৰিত উপস্থিত উপস্থিত হয় মন্ত্ৰীগৰাকী । সোণাৰিৰ সাপেখাতী চাৰিআলিত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে। 

উক্ত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ডঃ শৰ্মাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনাৰে থকা সৰকা কৰে।পুৰণি পাঁচশ টকীয়া নোটৰ লগতো তুলনা কৰে কংগ্ৰেছ দলক।নিৰ্বাচন আহিলেই কংগ্ৰেছ দলে ব্যক্তিগত আক্ৰমণ কৰাৰ লগতে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গৰাকীয়ে পুনৰ কয় তিনি কোটি মানুহৰ মাজত ডেৰ কোটি লোকে কলঢপ কলঢপকৈ জীয়াই আছে।
বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পাতি বাংলাদেশীৰ ভোটেৰে ৰাজনীতি কৰিব বিচাৰে কংগ্ৰেছ দলে।
বাটদ্ৰবাত বাংলাদেশীয়ে অসমীয়া গাভৰুক ধৰ্ষণ কৰিলেও মাত নামাতে কংগ্ৰেছে।
কংগ্ৰেছ দলে অসমীয়া জাতিটোক খণ্ড বিখণ্ড কৰিব বিচাৰে। উন্নয়ন কৰিবলৈ কংগ্ৰেছে ৰাজনীতি কৰা নাই,  সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈহে কংগ্ৰেছে ৰাজনীতি কৰিছে বুলিও তেওঁ কটাক্ষ কৰে।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মাহমৰাৰ বিধায়ক যোগেন মহন, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ বিধায়ক গ্ৰেব্ৰিয়েল ৱাংচু, তিনিচুকীয়া সমষ্টিৰ সঞ্জয় কৃষাণ, এপিজিচিয়েল সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰৰ লগতে বহুকেইগৰাকী বিজেপি নেতা উপস্থিত থাকে।

Your Comments