দেশবাসীৰ মন জয় কৰি ৰাছিয়াত ব্ৰঞ্জৰ পদকত থমকিল দুই অসম কন্যা বক্সাৰ লাভলীনা-যমুনা

Pic

ৰাছিয়াত চলি থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত দেশৰ বাবে দুটাকৈ ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ নাম উজলালে দুই অসম কন্যা যমুনা বড়ো আৰু গোলাঘাটৰ লাভলীনা বৰগোঁহায়ে।কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ দেশলৈ পদক নিশ্চিত কৰাৰ পিছত শনিবাৰে ছেমিফাইনেলত অৱৰ্তীন হৈছিল দুয়ো গৰাকীৰ অসম কন্যাই।দেশবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে আশা কৰিছিল অসমৰ প্ৰতিভাৱান বক্সাৰ দুগৰাকীয়ে ছেমি ফাইনেলত জয়ী হৈ ফাইনেল খেলিব।কিন্তু দেশবাসীক নিৰাশ কৰি ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে থমকি ৰ'ল দুয়ো গৰাকীৰ অসম কন্যা।

উল্লেখ্য যে ৬৯ কেজি শাখাত গোলাঘাটৰ কন্যা লাভলীনা বৰগোঁহাই চীনৰ প্ৰতিদ্বন্দীৰ জাং লুইৰ হাতত ২:৩ ব্যৱধানত পৰাস্ত হয়।একেদৰে আন গৰাকী অসম কন্যা যমুনা বড়ো ৫৪ কেজি শাখাত টাইৱানৰ প্ৰতিদ্বন্দী হুৱাং-ৱেনৰ হাতত ৫:০ৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়।

গুৰুত্বপূৰ্ণ কথা এই যে  লাভলীনা বৰগোঁহায়ে ২০১৮ চনত উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।তাৰ বিপৰীতে ২২বছৰীয়া যমুনা বড়োৱে প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰি  ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে ছেমি ফাইনেলত পৰাস্ত হৈ যমুনাই অধিক সফলতাৰ বাবে ইয়াতকৈ আৰু অধিক  কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে।লগতে কয় যে দেশলৈ পদক জয় কৰিব পাৰি গৌৰৱ অনুভৱ কৰিছো।

আনহাতে,ছয়বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ এম চি মেৰীকমেও শনিবাৰে ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে থমকি ৰ'ব লগা হয়।

Your Comments