মানৱতাৰ পৰিচয়েৰে সামাজিক মাধ্যমত ভাইৰেল হোৱা দুই যান-বাহন আৰক্ষীক সম্বৰ্ধনা আয়ুক্ত দীপক কুমাৰৰ

Pic

দুৰ্গা পূজাৰ অষ্টমীৰ ৰাতি দুৰ্ঘটনাগ্রস্ত মটৰ চাইকেল আৰোহীক উদ্ধাৰ কৰা মহানগৰীৰ ফটাশিল যান-বাহন শাখাৰ দুজন আৰক্ষীৰ কনিষ্টবল অৱদিশ কুমাৰ ৰায় আৰু উপ-পৰিদৰ্শক ৰাজা চৰকাৰক সম্বৰ্ধনা জনায় মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।শুকুৰবাৰে গুৱাহাটীৰ আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ত গামোচা আৰু ফুলৰ থোপাৰে তেওঁলোকক সম্বৰ্ধনা জনায় আয়ুক্ত দীপক কুমাৰে। আৰক্ষী দুগৰাকীক সম্বৰ্ধনা জনাই আয়ুক্ত দীপক কুমাৰে কয়-'তেওঁলোকে কৰা কামৰ মাজেৰে তেওঁলোকৰ মনত যে সেৱাৰ মনোভাৱ আছে,সেই কথাটো প্ৰকাশ পাইছে।নিজৰ দায়িত্বৰ উৰ্ধত গৈ তেওঁলোকে যি সেৱা আগবঢ়াইছে,তাৰ বাবে উৎসাহিত কৰাৰ বাবে আজি সম্বৰ্ধনা জনোৱা হৈছে।'তেওঁ লগতে কয়- 'যান-বাহন আৰক্ষীসকলৰ মাজত সেৱাৰ মনোভাৱ,ত্যাগ আৰু কোনটো পৰিস্থিতিত কি কৰিব লাগে সেই সম্বন্ধে  সম্যক চিন্তা কৰিব পৰা শক্তি থকাটো প্ৰয়োজন।'

Pic

উল্লেখ্য যে শাৰদীয় দুৰ্গা পূজাৰ অষ্টমীৰ ৰাতি প্ৰায় ১বজাত মহানগৰীৰ ফটাশিল দঁতালপাৰা এ কে দেৱ ৰোডত এখন মটৰ চাইকেল আৰু টেম্পোৰ মাজত সংঘৰ্ষ হৈ সংঘটিত হৈছিল এটা ভয়ংকৰ দুৰ্ঘটনা।উক্ত দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল মটৰ চাইকেলখনৰ আৰোহীগৰাকী।খবৰ দিয়া হৈছিল ফটাশিল যান-বাহন আৰক্ষীক।দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সেই সময়ত উপ-পৰিদৰ্শক ৰাজা চৰকাৰৰ নেতৃত্বত কনিষ্টবল অৱদিশ কুমাৰ ৰায় দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মটৰ চাইকেল আৰোহীগৰাকীক উদ্ধাৰ কৰে।দুৰ্ঘটনাৰ ফলত মূল পথত পৰি ৰোৱা ভগা গ্লাছৰ টুকুৰাসমূহে যাতে পথটোৰে যাতায়ত কৰা জনসাধাৰণক আঘাত নকৰে,সেই কথা চিন্তা কৰি আৰক্ষী কনিষ্টবলগৰাকীয়ে নিজে হাতত ঝাড়ু লৈ ৰাতিয়ে পথছোৱাত পৰি ৰোৱা গ্লাছৰ টুকুৰাসমূহ সাৰি পেলায়।তাৰ পিছতে কনিষ্টবলগৰাকীৰ এই কামক প্ৰশংসা কৰি পথ সাৰি থকাৰ ভিডিঅ' কোনো অজ্ঞাত লোকে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল।লগে লগে কনিষ্টবলগৰাকীৰ মহানুভৱতাক বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছিল।

ইফালে আয়ুক্তৰ সম্বৰ্ধনা গ্ৰহণ কৰি কনিষ্টবল অৱদিশ কুমাৰ ৰায়ে কয়- 'যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান চলি আছে,সেই কথাক সন্মান জনোৱাৰ লগতে ৰাজপথত গ্লাছ, শিল-ইটা টুকুৰা পৰি থাকিলে তাৰ পৰাই যে বহু সময়ত ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি পথ ছোৱা সাৰি পেলোৱা হৈছিল।

Your Comments