বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পদক জয় নিশ্চিত কৰি ইতিহাস গঢ়িলে এম চি মেৰী কমে

Merry Com

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অষ্টমবাৰলৈ পদক জয় কৰাটো নিশ্চিত কৰি অন্য এক ইতিহাস ৰচিলে 'মেগনিফিচেন্ট' মেৰী কমে।ৰাছিয়াৰ উলেন-উডেত চলি থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে কোৱাৰ্টাৰ ফাইনেলত ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমে কলম্বিয়াৰ ইনগ্ৰীট ভেলেন্সিয়াক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।ইয়াৰ লগে লগে পদক নিশ্চিত হয় মহিলা বক্সাৰগৰাকীৰ।উল্লেখ্য যে ইয়াৰ পূৰ্বে মেৰী কমে চাৰিবাৰ পিনৱেইট,দুবাৰ লাইট ফ্লাইৱেইট শাখাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰিছিল।লাইট ফ্লাইৱেইট শাখাত তেওঁ এবাৰ ৰূপৰ পদকো অৰ্জন কৰিছিল।এইবাৰ মেৰী কমে ৫১ কেজি শাখাত খেলি যিকোনো এটা পদক জয় কৰাটো নিশ্চিত কৰিলে।আজিৰ এই কৃত্বিত্বৰ জৰিয়তে মেৰী কমে সৰ্বশ্ৰেষ্ঠ মহিলা বক্সাৰ হিচাপে নিজৰেই অভিলেখ ভংগ কৰে।

Your Comments