১৬ জানুৱাৰীৰ পৰা মাজুলীত সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱ:শক্তিশালী অভ্যৰ্থনা সমিতি গঠন

নিউজ এএছএন প্ৰতিবেদক, মাজুলী:

মিচিং জনগোষ্ঠীৰ সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান 'মিচিং যুৱ মহোৎসৱ' অহা ১৬ জানুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰত অনুষ্ঠিত হ'ব । সেই বৃহৎ কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে বুধবাৰে জেংৰাইমুখ বৰপমুৱা ৰংগমঞ্চত অনুষ্ঠিত বৃহৎ ৰাজহুৱা সভাত সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে প্ৰেমধৰ দলে,কাৰ্যকৰী সভাপতি হিচাপে হৰিপ্ৰসাদ পেগু,উপসভাপতি হিচাপে ক্ৰমে নীলকান্ত দলে,প্ৰদীপ দলে,উমা পাঠৰী,দেৱজিত পাতিৰ, ক্ষীৰোদ পেগু,পুলিন দলে,অনিল পায়েং,দেৱৰঞ্জন মৰাং,মনোজ কামান,নীম পেগু;সাধাৰণ সম্পাদক হিচাপে ৰাজীৱ পেগু,সম্পাদক হিচাপে ৰাজু চিন্তে,উদ্ধৱ দলে;যুটীয়া সম্পাদক হিচাপে ডম্বৰু পেগু,ৰাজীৱ দলে,মোহন পেগু,প্ৰনয় দে,ৰাখেশ কুম্বাং,ৰবীন দলে,দিলীপ পেগুক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়। এই অভ্যৰ্থনা সমিতি গঠনৰ পিছত শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত দলেৰ সভাপতিত্বত দিনৰ এঘাৰ বজাৰ পৰা বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য নীলকান্ত দলেই উদ্বোধন কৰা সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা মিচিং মিমাগ কেবাং কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে বৰ্তমান সময়তো মিচিং অধ্যূষিত অঞ্চলৰ নৈৰ গড়াখহনীয়া সমস্যাৰ সমাধান নোহোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ মুৰব্বীক এই মিচিং মহোৎসৱলৈ আমন্ত্ৰণ জনাই সমস্যাটো দৃষ্টিগোচৰ কৰাব। লগতে মাজুলীৰ পৰ্যটনক্ষেত্ৰক অধিক আগুৱাই নিয়াটো এই মহোৎসৱৰ অন্যতম উদ্দেশ্য বুলি পৰিষদৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। বিশিষ্ট অতিথি হিচাপে ক্ৰমে জোনাইৰ বিধায়ক ভুৱন পেগু, মিচিং যুৱ মহোৎসৱৰ কেন্দ্ৰীয় আয়োজক সমিতিৰ সভাপতি একলব্য গাম,মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব প্ৰভাত মিলি,টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে,উপসভাপতি ক্ষীৰোদ পেগু,সাংগঠনিক সম্পাদক যতীন পেগু,এমএমকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলে,সদৌ অসম ঢুলীয়া সন্থাৰ সম্পাদক মনোজ কামান,জিলা পৰিষদ সদস্য দেৱজিত পাতিৰ,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে বিজু পেগু,ইন্দিৰা কুম্বাং;সাধাৰণ সদস্য ক্ৰমে উমা পাঠৰী,ত্ৰৈলোক্য পামেগাম আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।ঢকুৱাখনা, লখিমপুৰ আৰু মাজুলীৰ বিভিন্ন ঠাইৰ পৰা অহা সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱা,এক লাখ লোকৰ সমাগম কৰোৱা,প্লাষ্টিক প্ৰদূষণ মুক্ত কৰা, মাজুলীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত সাংস্কৃতিক ক্ষেত্ৰ নিৰ্মাণ কৰা,এই মহোৎসৱ সফল কৰি তোলাৰ বাবে পৰিষদৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা, ঢকুৱাখনা, লখিমপুৰ আৰু মাজুলী আদি তিনিওটা মিচিং জাতীয় সংগঠনৰ জিলা সমিতিৰ অভ্যৰ্থনাৰে এই মহোৎসৱ সফল উদযাপন কৰা আদি  কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। এমএমকে মাজুলী জিলা সমিতিৰ সভাপতি ৰাজীৱ পেগুৱে আঁত ধৰা অনুষ্ঠানত এমএমকে ঢকুৱাখনা জিলা সমিতিৰ সভাপতি পুলিন দলে,সম্পাদক মোহন পেগু,টিএমপিকে ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক ৰাজীৱ দলে,টিএমপিকে মাজুলী জিলা সমিতিৰ সভাপতি ৰাজু চিন্তে, সম্পাদক টুটু পাংগিং,এমএমকে সম্পাদক ৰঞ্জিত গাম আদি উপস্থিত থাকে ।

Your Comments

Related Articles