অষ্টাদশ এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰিছে মল্লযোদ্ধা বজৰং পুনিয়াই । পুৰুষৰ ৬৫ কি.গ্ৰা. ফ্ৰী ষ্টাইলত ভাৰতীয় মল্লযোদ্ধাজনে জয় কৰে সোণৰ পদক । ফাইনেলত তেওঁ পৰাস্ত কৰে জাপানৰ ডাইচি টাকাটানিক । এছিয়ান গেমছৰ ইতিহাসত পুনিয়াৰ এইটো দ্বিতীয় সফলতা । ২০১৪ বৰ্ষৰ এছিয়ান গেমছত তেওঁ ৰূপৰ পদক জয় কৰিছিল । ২৪ বছৰীয়া ভাৰতীয় মল্লযোদ্ধাজনে চলিত বৰ্ষৰ কমনৱেলথ্ গেমছত ৬৫ কি.গ্ৰা. শাখাত সোণৰ পদক জয় কৰিছিল ।
- Log in to post comments
- 43 views