আজি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমী:দিয়া হ'ব দেৱী প্ৰতিমা বিসৰ্জন

Durga

আজি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমী।ষষ্ঠীৰ পৰা আৰম্ভ হোৱা দুৰ্গোৎসৱৰ আজি অন্ত পৰিব।বিগত চাৰিদিনৰ পৰা ৰাজ্যৰ প্রান্তে প্রান্তে বিৰাজ কৰিছে আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশ।আজি সেই উৎসৱমুখৰ পৰিৱেশৰ অন্ত পৰিব।আজি বিয়লিৰে পৰা গোটেই নিশা জুৰি সমগ্ৰ ৰাজ্যত দুৰ্গা প্ৰতিমা বিসৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিব দুৰ্গোৎসৱৰ উদযাপন সমিতিসমূহে।গুৱাহাটীত বিয়লিৰে পৰা নিশালৈ ব্ৰহ্মপুত্ৰৰ ফাঁচীবজাৰ,মাছখোৱা আদি পাৰঘাটত দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব।ইয়াৰ বাবে গুৱাহাটীৰ লুইতৰ পাৰৰ মহাত্মা গান্ধী পথত হাজাৰ-হাজাৰ ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে।

Your Comments