গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ অজয় লাম্বা

High court,Guwahati.

গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে।বর্তমানৰ উচ্চ ন্যায়ালয়খনৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ স্থানত সোমবাৰে শপত গ্ৰহণ কৰিব নৱনিযুক্ত মুখ্য ন্যায়াধীশ অজয় লাম্বাই।উল্লেখ যে যোৱা ৫ অক্টোবৰত উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া লাম্বাই সোমবাৰে ৰাজভৱনত শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে ১৯৫৮চনত জন্মগ্ৰহণ কৰা লাম্বাই পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰি অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।পৰৱৰ্তী সময়ত ২০০৬ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত  ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ উপৰিও ২০১১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Your Comments