ছামী-জাদেজাৰ দুৰ্দান্ত বলিং:দক্ষিণ আফ্ৰিকাক ২০৩ ৰাণত পৰাস্ত কৰিলে ভাৰতে

Sami

দক্ষিণ আফ্ৰিকাক ২০৩ ৰাণত পৰাস্ত কৰি ভাৰতে তিনিখনীয়া টেষ্ট শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।বিশাখাপট্তনমত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ পঞ্চম দিনা ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৩৯৫ ৰাণৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ১৯১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই।ভাৰতৰ হৈ ঘাতক বলিং কৰি মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই  দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত যথাক্ৰমে ৫ টা আৰু ৪ টা উইকেট দখল কৰে।দক্ষিণ আফ্ৰিকাৰ চাৰিগৰাকী বেটছমেন কোনো ৰাণ নকৰাকৈ আউট হয়।

উল্লেখ্য যে ভাৰতীয় দলে ময়ংক আগৰৱালাৰ দ্বিশতকৰ সহায়ত প্ৰথম ইনিংছত ৭ উইকেটত ৫০৩ ৰাণ কৰিছিল।দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৪৩১ ৰাণ কৰিছিল।ভাৰতে দ্বিতীয় ইনিংছত ৪ উইকেটত ৩২৩ ৰাণ কৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩৯৫ ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।ভাৰতৰ ৰোহিত শৰ্মাই দুয়োটা ইনিংছত শতক অৰ্জন কৰিছিল।ৰবিচন্দ্ৰন অশ্বিনে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত ৭ টা উইকেট দখল কৰিছিল।

Your Comments