ৰাষ্ট্ৰীয় বাতৰি চেনেল 'আজ টক'ৰ সমীক্ষাত অসমৰ ডিব্ৰুগড় চহৰ দেশৰ ভিতৰততে প্ৰথম স্থানৰ অপৰিস্কাৰ চহৰ হিচাপে চিহ্নিত হৈছে।এই চিহ্নিতকৰণে এতিয়া চহৰখনৰ বাসিন্দাসকলৰ লগতে সমগ্ৰ অসমবাসীলৈও দুৰ্নাম কঢ়িয়াই আনিছে বুলি ব্যাপক চৰ্চা হৈছে।আনকি,লজ্জিত হৈ ডিব্ৰুগড় পৌৰসভাৰ ১১ নম্বৰ ৱাৰ্ডৰ কমিছনাৰ ৰস্না জৈনে পদত্যাগ কৰিছে।জৈনে পৌৰসভাখনৰ কৰ্মকাণ্ডক সমালোচনা কৰিছে।উল্লেখ্য যে ডিব্ৰুগড় পৌৰসভাই চহৰখনক পৰিস্কাৰ কৰি ৰখাত যথোচিত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰি আহিছে।
- Log in to post comments
- 17 views