শিৱসাগৰত চলন্ত ৰে'লত হত্যা আৰু ধৰ্ষণ কৰা মেধাৱী ছাত্ৰীৰ পৰিয়ালে লাভ কৰিলে ন্যায়:হত্যাকাৰী বিকাশ দাসক ফাঁচীৰ হুকুম

Pic

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ৰাজ্য কঁপোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ছেমিষ্টাৰৰ মেধাৱী ছাত্ৰী হত্যাকাণ্ডৰ বৃহস্পতিবাৰে শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে। যোৱা ২৭ ছেপ্তেম্বৰত আদালতে দোষী সাব্যস্ত কৰিছিল বিকাশ দাসক। আজি শিৱসাগৰ সত্ৰ ন্যায়ালয়ে হত্যাকাৰী বিকাশ দাসক ফাঁচীৰ হুকুম দিয়ে।ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা আনজন ব্যক্তি বিপিন পাণ্ডেক ২৭ চেপ্তেম্বৰত আদালতে নিৰ্দোষী ঘোষণা কৰিছিল।

উল্লেখ্য যে ২০১৮ বৰ্ষৰ ১০ জুলাইত তিনিচুকীয়া-ৰঙিয়া অভিমুখী যাত্ৰীবাহী চলন্ত ৰেলৰ দিব্যাংগৰ বাবে সংৰক্ষিত ডবাত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল ।  শিৱসাগৰৰ ষ্টেচনৰ পৰা আইতাকৰ ঘৰলৈ বুলি  ছাত্ৰীগৰাকী  ৰে'লখনত উঠিছিল। শিৱসাগৰৰ পৰা শিমলুগুৰিৰ পথত সংঘটিত হৈছিল হত্যাকাণ্ডটো। শিমলুগুৰিত ৰেলৰ শৌচালয়ত উদ্ধাৰ কৰা হৈছিল ছাত্ৰী গৰাকীৰ মৃতদেহ। গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছিল দুৰ্ভগীয়া ছাত্ৰী গৰাকীক। হত্যাকাৰী বিকাশ দাসে হত্যাকাণ্ডৰ পিছত ধৰ্ষণ কৰিছিল ছাত্ৰীগৰাকীক। 

ঠিক এদিনৰ পিছতেই একে পদ্ধতিৰে বিকাশ দাসে ফৰকাটিং ৰে'ল ষ্টেচনত হত্যা কৰিছিল আন এগৰাকী মহিলাক।

দুয়োটা ঘটনাৰ সন্দৰ্ভত শিমলুগুৰি ৰে'ল আৰক্ষীয়ে ৬/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই ১২ জুলাইৰ নিশা বিপিন পাণ্ডে আৰু বিকাশ দাসক গ্ৰেপ্তাৰ কৰিছিল। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এচআইটিৰ দলে বিকাশ দাস আৰু বিপিন পাণ্ডেক ১২ দিন জিম্মাত ৰাখি ৰিক্ৰিয়েশ্যন পদ্ধতিৰে হত্যাকাণ্ড কেনেদৰে হৈছিল তাৰ নাট্যৰূপ সমাপন কৰে। 

হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ আদালত চলি আছিল আৰু আদালতে যোৱা ২৭ ছেপ্তেম্বৰত বিকাশ দাসক দোষী সাব্যস্ত কৰে আৰু বৃহস্পতিবাৰে বিকাশ দাসক ফাঁচীৰ ৰায়দায় প্ৰদান কৰে।

Your Comments