এন আৰ চিত তিনি  লাখ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰিছে -- কোচ ৰাজবংশী জাতীয় মহাসভা

bgn

বঙাইগাঁওঃ 

ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰস্তুত কৰা এন আৰ চিৰ চূড়ান্ত তালিকাখন প্ৰকাশ কৰা হ'ল যদিও এই চূড়ান্ত তালিকাৰ পৰা তিনি লাখতকৈ অধিক ভূমিপুত্ৰ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰিছে ৷ এই অভিযোগ কোচ ৰাজবংশী জাতীয় মহাসভাৰ ৷ বৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে যোৱা ৩০ আগষ্টত চূড়ান্ত এন আৰ চিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিচত সংবাদ মাধ্যমত ৫৫ হাজাৰ কোচ ৰাজবংশী লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱা বুলি প্ৰকাশ পাইছে যদিও প্ৰকাশিত সংবাদ তথ্য সমৃদ্ধ নাছিল ৷ কিন্তু  আমি কোচ ৰাজবংশী জাতীয় মহাসভাই এটা চৰজমিন তদন্ত কৰি জানিব পাৰিছো যে ৫৫ হাজাৰ নহয় ,বৰং তিনি লাখতকৈ অধিক কোচ ৰাজবংশী লোকৰ নাম চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিছে ৷ সেয়ে আমি কোচ ৰাজবংশী জাতীয় মহাসভাই বাদ পৰা প্ৰতিজন কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ নাম বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ এন আৰ চি কৰ্তৃপক্ষৰ লগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো ৷ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে পশ্চিম বংগৰ জলপাইগুৰিৰ পৰা যিসকল কোচ ৰাজবংশী লোক অসমত আহি থিতাপি লৈছে সেই সকল লোকক পশ্চিম বংগ চৰকাৰে লিগেছী ডাটা দিয়া নাই ৷ কেৱল কোচ ৰাজবংশী লোককেই নহয় যিসকল বঙালী লোক আছে তেওঁলোককো পশ্চিম বংগ চৰকাৰে হাৰাশাস্তি কৰিছে আৰু বহুতক দিয়া নাই ৷ কিছুমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া বুলি তেওঁলোকৰ কোনোধৰণৰ বৈধ নথি- পত্ৰ নোচোৱাকেই তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিছে ৷ ইয়াৰ মাজত আন জনগোষ্ঠীৰ যদি কোনোবাৰ চাকৰিসূত্ৰে বাহিৰত থকা বা এন আৰ চি কেন্দ্ৰত নোযোৱাকৈ থকাৰ বাবে কাৰোবাৰ নাম বাদ পৰিছে সেইটো বেলেগ কথা ৷ কিন্তু কোচ ৰাজবংশীসকল হ'ল অসমৰ ভূমিপুত্ৰ ৷ অসমৰ প্ৰকৃত খিলঞ্জীয়া ৷bgn

আন কিছুমান জনগোষ্ঠীৰ লোকৰ নাম যদি পোনপটীয়াকৈ এন আৰ চিত অন্তৰ্ভুক্ত কৰিব পাৰে ,তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ নাম এন আৰ চি কৰ্তৃপক্ষই কিয় পোনপটীয়াকৈ অন্তৰ্ভুক্ত নকৰিলে সেইটো ডাঙৰ প্ৰশ্ন বুলি কয় ৷ কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়,কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আদি উপস্থিত থকা সংবাদ মেলখনত সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আৰু কয় যে এন আৰ চিৰ পৰা কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ আঁৰত চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ আছে ৷ বিগত ৮৫' চনত যেতিয়া অসম চুক্তি হৈছিল তাৰ পৰৱৰ্তী সময়ত যেতিয়া বাংলাদেশী বহিস্কৰণ আৰু চিনাক্তকৰণ হ'ল তেতিয়া কোকৰাঝাৰৰ নিৰো বালা ৰায় নামৰ কোচ ৰাজবংশী মহিলাগৰাকীক বিদেশী বুলি চিহ্নিত কৰি বাংলাদেশক প্ৰত্যাৱৰ্তন কৰিবলৈ বিছাৰিছিল যদিও সেই সময়ত আমি বিৰোধিতা কৰাৰ কাৰণেই আজি পৰৱৰ্তী সময়চোৱাত কোচ ৰাজবংশী লোকসকলক বাংলাদেশী সজাব পৰা নাই ৷ কিন্তু তথাপিতো আই এম ডি টিৰ ট্ৰিবুনেল এক্টৰ আদালৰ জৰিয়তে আমাৰ বহু কোচ ৰাজবংংশী লোকক বিদেশী হিচাপে আৰু 'ডি' ভোটাৰ হিচাপে সন্নিবিষ্ট কৰিলে আৰু ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিলে ৷ এনে পৰিপ্ৰেক্ষিতত বহু কোচ ৰাজবংশী লোকে আত্মহত্যা কৰিবলগা পৰিস্থিতি এটা হৈছিল ৷ এইবাৰো এন আৰ চিত কোচ ৰাজবংশীসকলক বাংলাদেশী বা বিদেশী সজোৱাৰ উদ্দেশ্যেই আজি এন আৰ চিৰ পৰা কোচ ৰাজবংশী লোকৰ নাম অতি কৌশল কৰি তথা ষড়যন্ত্ৰ কৰি বাদ দিয়া হ'ল ৷ কিন্তু যিসকল প্ৰকৃত বিদেশী সেইসকলক চিনাক্ত কৰিব নোৱাৰিলে ৷ ফলত যিসকলে ৫০ লাখতকৈ অধিক বিদেশী আছে বুলি কৈছিল সেই সকলৰ কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকে এতিয়া প্ৰকৃত বাংলাদেশীক চিনাক্ত কৰিব নোৱাৰি প্ৰকৃত ভূমিপুত্ৰ কোচ ৰাজবংশী লোকৰ লগতে অন্যান্য সম্প্ৰদায়ৰ লোকৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰিলে ৷ ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰিছে যে পূৰ্বতে অসমত বাংলাদেশী থকা বুলি আন্দোলন কৰাৰ ফলত যি অসম চুক্তি হ'ল সেইটো বাস্তৱত মানুহক দেখুৱাবলৈ অতি কৌশলেৰে কোচ ৰাজবংশী লোকৰ লগতে অইন অইন সম্প্ৰদায়ৰ লোকক এন আৰ চিৰ পৰা বঞ্চিত কৰি তেওঁলোকে বাংলাদেশী বা বিদেশী সজাব বিচাৰিলে ৷ আনহাতে শেহতীয়াভাৱে অসম চুক্তিৰ ছয় নং দফাটো কাৰ্যকৰী কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসমৰ কে'বাগৰাকীও বিশিষ্ট ব্যক্তিকলৈ কমিটী গঠন কৰাত আদৰণি জনায় জাতীয় মহাসভাই ৷ অৱশ্যে লগতে কয় যে দফাটো কাৰ্যকৰী কৰিবলৈ যাওতে যাতে অসমৰ ভূমিপুত্ৰ কোন, খিলঞ্জীয়া কোন সেইটো নিৰ্ধাৰণ কৰিবলৈ গৈ কোচ ৰাজবংশীসকলক পুনৰ বিদেশী সজোৱা নহয় তাৰ বাবে উচ্চস্তৰীয় কমিটীখনক আহ্বান জনায় ৷ কোচ ৰাজবংশী জাতীয় মহাসভাই অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত কমিটীখনক অসমৰ লোক সভা, বিধান সভা,পঞ্চায়ত,নিকায়- নিগম আদিত ভূমিপুত্ৰ খিলঞ্জীয়াৰ বাবে ৮০ শতাংশ সংৰক্ষণ আৰু অসমৰ প্ৰচলিত ভূমি নীতি সংশোধন কৰি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ যাতে ভৱিষ্যতে আৰু অসমলৈ নতুনকৈ কোনোবাই আহি ইয়াত মাটি কিনি স্থায়ীভাৱেৱবাস কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে বুলিও কয় ৷ ইপিনে অসমৰ ছয় জনগোষ্ঠীৰ অনুসূচীত জনজাতিকৰণৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপেলৈ গঠিত মন্ত্ৰী গোটক অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰি অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ দাবী জনায় ৷ লগতে আগন্তুক শীতকালীন অধিৱেশনত কোচ ৰাজবংশীৰ জনজাকিকৰণৰ বিধেয়কখন ৰাজ্য সভা আৰু লোক সভাত গৃহীত কৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ জৰিয়তে জনগোষ্ঠীটোৰ এই দীঘলীয়া দাবীটো সমাধান কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায় ৷ সংবাদ মেলত সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে ৰাজ্যখনৰ বহুকেইটা কোচ ৰাজবংশী সংগঠন বহুধা বিভক্ত ৷ কোচ ৰাজবংশী সন্মিলনী দুভাগত বিভক্ত,যুৱ- ছাত্ৰ সন্মিলনী দুভাগত বিভক্ত, কোচ ৰাজবংশী মহিলা সন্মিলনী দুভাগত বিভক্ত ৷ আনকি কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন আক্ৰাছু শেহতীয়াভাৱে দুভাগত বিভক্ত হৈছে ৷ সেয়ে কোচ ৰাজবংশী জাতীয় মহাসভাই জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত নিজ নিজ মতাদৰ্শ, ব্যক্তিগত আক্ৰোশ পৰিত্যাগ কৰি জাতিৰ স্বাৰ্থত ঐক্যৱদ্ধ হোৱাৰ বাবে সংগঠনসমূহলৈ বিনম্ৰ আহ্বান জনায় ৷

Your Comments