৫ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত বনাম শ্ৰীলংকাৰ 'টী-২০'

Cricket

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ এটা সুখবৰ।২০২০বর্ষৰ ৫ জানুৱাৰীত বর্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় 'টী-২০'ৰ খেল। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'র্ডে প্ৰকাশ কৰা অনুসৰি তিনিখনীয়া টী-২০ শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব গুৱাহাটীৰ বর্ষাপাৰাত।ইতিমধ্যে বিচিচিআইৰ পৰা অসম ক্ৰিকেট সন্থাক এই সন্দৰ্ভত অৱগত কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে শ্ৰীলংকাৰ বিপৰীতে ৫ জানুৱাৰীত জিম্বাবুৱেৰ লগত ভাৰতে বর্ষাপাৰাত টী-২০ শৃংখলাত অৱতীৰ্ণ হোৱাৰ কথা আছিল যদিও যোৱা ১৮ জুলাইত আইচিচিয়ে জিম্বাবুৱে দলটোক নিষিদ্ধ কৰাৰ বাবে বিচিচিআয়ে শ্ৰীলংকা দলটোক আমন্ত্ৰণ জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম ক্ৰিকেট সন্থাই বর্ষাপাৰাত অনুষ্ঠিত কৰিছিল দুখনকৈ টী-২০ আন্তৰ্জাতিক খেল।২০১৭ চনত প্ৰথমখন খেল ভাৰত বনাম অষ্ট্ৰেলিয়াৰ হোৱাৰ  বিপৰীতে ২০১৮ বর্ষত ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজত খেল অনুষ্ঠিত হৈছিল।

Your Comments