বৰপেটাৰোডত ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সন্মিলনৰ আয়োজন:উপস্থিত থাকিব কেইবাজনো বিশিষ্ট বিজ্ঞানী

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ

 

বৰ্তমানো সমাজত চলি থকা অন্ধবিশ্বাস , কু-সংস্কাৰ , নৰবলি প্রথা , ডাইনী হত্যা , বেজ আৰু ভণ্ডবাবাৰ অতপালি আৰু ধর্মীয় গােড়ামীৰ বিৰূদ্ধে অবিৰত সংগ্রাম কৰি অহা 'ইলােৰা বিজ্ঞান মঞ্চ'ৰ তৃতীয় অসম ৰাজ্যিক সন্মিলনখন বৰপেটাৰােডত অহা ২৮ আৰু ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব । সন্মিলনখনৰ কাৰ্যসূচী অনুসৰি অহা ২৮ ছেপ্তেম্বৰ, শনিবাৰে দিনৰ ৯ - ৩০ বজাত পতাকা উত্তোলনৰে সন্মিলনৰ শুভাৰম্ভ কৰিব ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডঃ চন্দ্র মােহন শর্মাই।দিনৰ ১০ বজাত বিজ্ঞান শােভাযাত্রা আৰু প্রদর্শনীৰ দুৱাৰ মুকলি কৰিব বৰপেটা জিলা আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে।দিনৰ ১২ বজাত বৰপেটাৰোড  সাহিত্য সভা ভৱনত মুকলি অধিৱেশন আৰু সন্মিলন অনুষ্ঠিত হব ৷ সন্মিলনখন  ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডঃ চন্দ্র মােহন শর্মাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব।সভাত বিশিষ্ট বিজ্ঞানী আৰু জনবিজ্ঞান আন্দোলনৰ নেতা মহাৰাষ্ট্ৰৰ পুণেৰ ডঃ সত্যজিত ৰথে নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য আগবঢ়াব ৷ আবেলি ২.৩০ বজাত শ্রীহিন্দী হাইস্কুলত অনুষ্ঠিত হ'ব বিজ্ঞানীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠান | অনুষ্ঠানটো  উদ্বোধন কৰিব বৰপেটা জিলাৰ উপায়ুক্ত  মুনিন্দ্ৰ শৰ্মাই ৷ অনুষ্ঠানত ডাঃ হর্ষ ভট্টাচার্য্য ,ডঃ মানবজ্যোতি বৰদলৈ , অৱসৰপ্রাপ্ত অধ্যাপক বাৰীন্দ্র কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰিব ৷ আবেলি ৩ - ৩০ বজাত অনুষ্ঠিত প্রথম অধিৱেশনত প্রতিনিধি সন্মিলন আৰম্ভ হ'ব ৷ সন্ধিয়া ৬ বজাত দ্বিতীয় অধিৱেশনত প্রতিনিধি সম্মিলন অনুষ্ঠিত হ'ব৷২৯ ছেপ্তেম্বৰ দেওবাৰে পুৱা ৯ - ৩০ বজাত প্রতিনিধি সম্মিলন ( তৃতীয় অধিৱেশন ) অনুষ্ঠিত হ'ব । দিনৰ ১১বজাত নতুন নেতৃত্ব নির্বাচন কৰা হ'ব৷  দিনৰ ১ - ৩০ বজাত  সম্মিলন সমাপ্ত কৰা হ'ব ৷ উক্ত সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীত উপস্থিত থাকি সন্মিলনখন সর্বোপ্ৰকাৰেৰে সাফল্যমণ্ডিত কৰিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে ইলােৰা বিজ্ঞান মঞ্চৰ তৃতীয় ৰাজ্যিক বৰপেটাৰোড সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঃ নাৰায়ন দাস আৰু  সম্পাদকদ্বয় দেৱৰাজ ছেত্রী আৰু জগন্নাথ ৰবিদাসে৷

 

Your Comments