নিউজ ডেস্ক,৩০ জুন : বিতৰ্কিত মন্তব্যৰে সদায় সমালোচনাৰ শীৰ্ষত থকা ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ সম্বিত পাত্ৰই শেহতীয়াভাৱে প্ৰকাশ কৰা আন এক বিতৰ্কিত মন্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হৈছে। উল্লেখ্য যে নিজ দলৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে সদায় আক্ৰোশমূলক আৰু বিতৰ্কিত মন্তব্য প্ৰকাশেৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ অহা এইগৰাকী গেৰুৱা নেতাই শেহতীয়াভাৱে ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ৰ ওপৰত আজ টক চেনেলে আয়োজন কৰা এক বিতৰ্কত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীৰ বিপক্ষে বিৰূপ মন্তব্য কৰিছিল। এই অনুষ্ঠানত সম্বিত পাত্ৰই ৰাহুল গান্ধীক মুকিলভাৱে জোতা মাৰিবলৈ আহ্বান জনাইছিল।এই বিষয়ত কংগ্ৰেছ মুখপাত্ৰ ৰাজীৱ ত্যাগীয়ে তীব্ৰ আপত্তি দৰ্শাই সম্বিত পাত্ৰক আজ টকৰ মঞ্চতে এনে অশোভনীয় আচৰণৰ বাবে ক্ষমা খুজিবলৈ আহ্বান জনাইছিল যদিও ইয়াৰ প্ৰতি তেওঁ কোনো ভ্ৰূক্ষেপেই কৰা নাছিল।
কিন্তু শেহতীয়াভাৱে হোৱা তীব্ৰ সমালোচনা আৰু বিতৰ্কৰ ওচৰত সেও মানি যোৱা শনিবাৰে পাত্ৰই ক্ষমা খুজিবলৈ বাধ্য হয়।বিজেপি মুখপাত্ৰগৰাকীৰ উদ্ধৃতিৰে আজ টকে প্ৰকাশ কৰা মতে- ‘মই কৈছিলোঁ যে দেশদ্ৰোহী-বিশ্বসঘাতকসকলক জোতাৰে কোবাব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ বাক্যশাৰীৰ শেষত ৰাহুল গ্ন্ধীৰ নামটো সংযোজিত হৈ পৰে। কংগ্ৰেছ সভাপতিগৰাকীৰ বিষয়ে মই প্ৰকাশ কৰা কিছু অশালীন শব্দৰ বাবে ক্ষমা বিচাৰিছোঁ।’
- Log in to post comments
- 103 views
