কেটলীনা অতিক্ৰম কৰা অসম সন্তান এলভিছ আলী হাজৰিকা সাজু এইবাৰ অন্য এক বিপদজনক চেনেল অতিক্ৰমৰ বাবে

Pic

বিপদসংকুল যাত্রাৰ মাজেৰে কেটলীনা চেনেল সাঁতুৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম সন্তান তথা আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আন এটা দু:সাহসিক যাত্ৰাৰ বাবে সাজু। ২০২০ চনৰ জুলাই মাহৰ তৃতীয় সপ্তাহত আয়াৰলেণ্ডৰ ৪২কিঃমিঃ দীঘল 'ইৰিছ নৰ্থ চেনেল' সাঁতুৰিব অসম সন্তান গৰাকীয়ে। অসম সন্তানগৰাকীৰ লগত একেলগে থাকিব পশ্চিমবংগৰ ৰি'ম সাহা।এই কথা শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে আলী হাজৰিকাই। উল্লেখ্য যে চলিত বর্ষতে বিপদ সংকুল কেটলীনা চেনেল সাঁতুৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা এলভিছ আলী হাজৰিকাই উক্ত সংবাদ মেলখনতে আগন্তক সাঁতুৰিব লগা 'ইৰিছ নৰ্থ চেনেল'ৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। তেওঁ কয় 'ইৰিছ নৰ্থ চেনেল কেটলীনা চেনেলতকৈ অধিক বিপদসংকুল। চেনেলটো ইমানেই ঠাণ্ডাৰযে তাপমাত্ৰ ১০ ডিগ্ৰী চেলছিয়াচ।তাত সাঁতুৰিবৰ বাবে বৰ্তমানতকৈ আৰু ৭ ৰ পৰা ১০কেজি ওজন বঢ়োৱাৰ প্ৰয়োজন বুলি সদৰি কৰে।

আনহাতে কেটলীনা চেনেল পাৰ হোৱাৰ অভিজ্ঞতা সন্দৰ্ভত শনিবাৰৰ সংবাদমেলতে অসম সন্তানগৰাকীয়ে কয়- 'প্ৰতিদিনে সাগৰৰ ছাৰ্ক আৰু ডলফিনৰ মুখামুখি হ'ব লগা হয়।বহুসময়তগাৰ কাষেৰে ছাৰ্ক পাৰ হৈ গৈছিল। তাৰ মাজেৰে বিপদক নেওচি আৰম্ভ হৈছিল আমাৰ যাত্ৰা।কেতিয়াবা যদি ডলফিনৰ বাবে ৰ'ব লগা হৈছিল, কেতিয়াবা আকৌ প্ৰকাণ্ড চাৰ্কৰ মুখৰ পৰা নিজকে বচাই আগবাঢ়িব লগা হৈছিল।শেষত সকলো বাধা অতিক্ৰম কৰি আমাৰ টীম লক্ষ‍্যত উপনীত হৈছিল।'

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে এই বিপদসংকুল যাত্ৰাৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমৰ নাম উজ্জ্বলাই তোলাৰ পিছতো অসম চৰকাৰৰ ফালৰ পৰা আজিলৈকে কোনো সম্বৰ্ধনাতো দূৰৰে কথা শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ নকৰিলে।এই সন্দৰ্ভত অসম সন্তান গৰাকীয়ে কয়-কেৱল অসম সাঁতোৰ সন্থাই গৃহভূমি যোৰহাটত উপস্থিত হোৱা সময়ত আদৰণি জনাইছিল। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো আদৰণি নালাগে শুভেচ্ছামূলক বাৰ্তা এটাও নিদিলে।'এই সন্দৰ্ভত তেওঁ দুখ প্ৰকাশ কৰি কয় আগন্তক যাত্ৰাৰ বাবে তেওঁ অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিব আৰু এই সন্দৰ্ভত চৰকাৰক আৰ্থিক ভাৱে সহায় কৰাৰ বাবেও তেওঁ আবেদন জনাব। আনহাতে কেটলীনা  চেনেল সাঁতোৰাৰ সময়ত তেওঁৰ সহযোগী পশ্চিমবংগৰ ৰিম' সাহাৰ কথা দাঙি ধৰি তেওঁ কয়-ৰিম'য়ে কেটলীনা পাৰ হৈ অহাৰ সময়ত পশ্চিমবংগৰ ক্ৰীড়া মন্ত্ৰীয়ে তেওঁক ৰে'ল ষ্টেচনৰ পৰা আদৰি আনিছিল।তাৰ বিপৰীতে আমাৰ ৰাজ্যৰ ক্ৰীড়া বিভাগে খবৰ লোৱা নাই মই অহাৰ বিষয়ে।

উল্লেখ্য যে  আগন্তক তেওঁৰ অভিযানৰ বাবে এতিয়া প্ৰয়োজন প্ৰায় ১১লাখ টকাৰ।

Your Comments