সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভয়:পাকিস্তান ভ্ৰমণলৈ নাযায় শ্ৰীলংকাৰ ১০ গৰাকী ক্ৰিকেট খেলুৱৈ

player

নিউজ ডেস্ক:
২০০৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব শ্ৰীলংকাৰ ক্ৰিকেট দলে।এই ভ্ৰমণত শ্ৰীলংকাৰ দলটোৱে পাকিস্তানৰ বিৰুদ্ধে কেইখনমান এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেল খেলিব।কিন্তু এই ভ্ৰমণৰ পৰা ইতিমধ্যে দলটোৰ ১০ গৰাকী খেলুৱৈয়ে নিজৰ নাম কৰ্তন কৰিছে।শ্ৰীলংকাৰ এদিনীয়া দলৰ অধিনায়ক ডিমুথ কৰুণাৰত্নে,টী-২০ দলৰ অধিনায়ক লাচিথ মালিংগা,প্ৰাক্তন অধিনায়ক এঞ্জেল' মেথিউছৰ সৈতে ১০ গৰাকী খেলুৱৈয়ে সুৰক্ষা কাৰণত পাকিস্তান ভ্ৰমণলৈ যাবলৈ অস্বীকাৰ কৰিছে।উল্লেখ্য যে ২০০৯ চনত পাকিস্তান ভ্ৰমণলৈ যোৱা শ্ৰীলংকাৰ ক্ৰিকেট দলটোৰ ওপৰত লাহোৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিছিল খেলুৱৈসকলৰ।

Your Comments