কিয় সত্ৰাধিকাৰলৈ আদালতে জাৰি কৰিলে চমন ?

janardan

নিউজ ডেস্ক :

সত্ৰনগৰীৰ মাজুলীৰ ইতিহাসত এক নজিৰবিহীন ঘটনাৰ। আইনৰ জাননী জাৰি সত্ৰাধীকালৈ।ন্যায়ালয়ৰ কাঠগড়াত থিয় হ'ব দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী। দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ গোস্বামীক অহা ১১ছেপ্টেম্বৰত আদালতত হাজিৰ হোৱা বাবে ইতিমধ্যে চমন জাৰি কৰিছে।

উল্লেখ যে সত্ৰাধিকাৰ গৰাকীৰ বিৰুদ্ধে খ্ৰীষ্টান বিৰোধীৰ আন্দোলন গঢ়ি তোলাৰ অভিযোগ উত্থান কৰি মাজুলীৰ বাসিন্দা প্ৰশান্ত পায়ে নামৰ এগৰাকী ব্যক্তিয়ে গোচৰ ৰুজু কৰিছিল।সেই গোচৰৰ ভিত্তিতে সত্ৰাধিকাৰ গৰাকীক ন্যায়ালয়ে চমন  জাৰি কৰা বুলি জানিবলৈ দিছে সত্ৰাধিকাৰ গোস্বামীয়ে।

Your Comments