সৰুসজাইত আজি ফিফা বিশ্বকাপৰ যোগ্যতা মেছত অৱতীৰ্ণ হ'ব ভাৰত আৰু ওমান

sarusajai

নিউজ ডেস্ক :

২০২২ৰ ফিফা বিশ্বকাপত প্ৰৱেশৰ লক্ষ্যৰে আজি প্ৰথমখন যোগ্যতা মেছত অৱৰ্তীন হ'ব ভাৰত। গুৱাহাটীৰ সৰুসজাইত সন্ধিয়া ৭.৩০বজাৰ পৰা আৰম্ভ হ'ব লগা খেলখনত ভাৰতৰ প্ৰতিপক্ষ হ'ব ওমান। ইতিমধ্যে দুয়োটা দলে ফিফা বিশ্বকাপত যোগ্যতা অর্জন কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। আনহাতে বুধবাৰে দুয়োটা দ'লে পৃথকে পৃথকে অনুশীলন কৰে।ওমানৰ দলটোৱে পল্টন বজাৰৰ ছাই ফিল্ডত অনুশীল কৰাৰ বিপৰীতে ভাৰতীয় দলটোৱে সৰুসজাইত অনুশীলন কৰে।

উল্লেখ্য যে সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলটোত আজি অসম সন্তান বিনীত ৰায়ে মূল একাদশত খেলিব।অসম সন্তান বিনীতক লৈ ৰাজ্যবাসীয়ে যথেষ্ট আশা কৰা পৰিলক্ষিত হৈছে।

Your Comments