নিউজ ডেস্ক:
'সফলতাৰ দাবীদাৰ বহুত থাকে,কিন্তু বিফলতা সদায় ঘাটমাউৰা।৩১জুলাইত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিয়ে তাকে প্ৰমাণ কৰিছে'-এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ।প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি সন্দৰ্ভত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হাজৰিকাই এক সংবাদমেল সম্বোধন কৰি কয় যে এনআৰচি অসম আন্দোলনৰ বিফলতা আৰু খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ দলিল।যোৱা ৪০টা বছৰে খিলঞ্জীয়া ৰাইজে নেতাসকলক বিদেশী সমস্যাৰ সমাধান কৰক বুলি আন্দোলনৰ মজিয়াৰ পৰা ৰাজনৈতিক মঞ্চলৈ নিৰ্বাচিত কৰিলে।জাতিৰ আন্দোলনৰ পটভূমিৰ পৰা দুজনকৈ ব্যক্তি আজি মুখ্যমন্ত্ৰীও হ'ল কিন্তু বিদেশী সমস্যা সমস্যা হৈয়ে থাকি গ'ল।আনহে নালাগে, জাতিক বচোৱা আন্দোলনৰ নেতৃত্ব দি আজি বহুনেতাই নিজৰ পৰিচয়,জীৱিকা আৰু অস্তিত্ব গঢ়ি ল'লে-কিন্তু সমস্যা সমাধান কৰিবলৈ কোনো আগবাঢ়ি নাহিল।একেদৰে বিদেশীৰ বিৰুদ্ধে ছয় বছৰ ধৰি চলা অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাবলৈ এগৰাকীও প্ৰকৃত নেতা নোলাল।ইয়াতকৈ আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে।
অসম আন্দোলনৰ নেতাসকলে নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰি,সেই সময়ত জাতিৰ কথা চিন্তা কৰা হ'লে, আজি অসমতো ভাৰতবর্ষৰ অন্যান্য ৰাজ্যৰ দৰে নাগৰিকত্ব প্ৰদানৰ ভিত্তি বর্ষৰ ১৯৪৮চনৰ ১৯জুলাই হৈ থাকিল হয়।কিন্তু অসম চুক্তি স্বাক্ষৰ কৰি অসমৰ নাগৰিকত্ব ভিত্তিবর্ষ কৰিলে ১৯৭১চন।ফলত আজি অসমীয়া খিলঞ্জীয়া লোকচানৰ সন্মুখীন হোৱা বুলিও মন্তব্য কৰে হাজৰিকাই।
ইয়াৰ উপৰিও হাজৰিকাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে কিছুদিনৰ আগলৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনআৰচিখনক জাতিৰ দলিল বুলি কৈ আছিল।কিন্তু যোৱা ৩১ আগষ্টত সম্পূৰ্ণ এনআৰচি প্ৰকাশৰ পিছত ইয়াৰ সমস্ত দায়িত্ব নিজৰ পৰা আঁতৰ কৰি ইয়াৰ দায়িত্ব উচ্চতম ন্যায়ালয় আৰু ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ ঠেলি দিছে।কাৰণ খিলঞ্জীয়াই আশা কৰি থকাৰ এনআৰচিখন এতিয়া প্ৰকাশ নাপালে।সেই বাবে এতিয়া তাৰ দায়িত্ব নিজৰ পৰা আঁতৰাই ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে,সংবাদমেলখনত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি চূড়ান্ত এনআৰচিক লৈ এতিয়া চৰকাৰৰ গাদী শুৱনি কৰা একাংশ মন্ত্ৰী-বিধায়কে ঘঁৰিয়ালৰ চকুপানী উলিয়াইছে।ইয়াৰ উপৰিও বহুসময়ত ৰাজ্যৰ বহুবল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনআৰচিৰ ভিত্তিবর্ষ '৭১ৰ বিৰোধিতা কৰিছে ৰাইজক দেখুৱাই।কিন্তু,উচ্চতম ন্যায়ালয়ত সন্মিলিত মহাসংঘই অসমৰ ভিত্তিবর্ষ অন্যান্য ৰাজ্যৰ দৰে '৫১ হোৱাৰ বাবে চলাই থকা গোচৰৰ সন্দৰ্ভত চৰকাৰে ন্যায়ালয়ক ভিত্তিবর্ষ '৭১ক সমৰ্থন কৰিয়ে শপতনামা দাখিল কৰিছে।তাতে প্ৰমাণ ওলাইছে,খিলঞ্জীয়াক ৰক্ষাৰ কৰাৰ বাবে চৰকাৰৰ সদিচ্ছা প্ৰকৃততে কিমান।
সংবাদমেলৰ জৰিয়তে প্ৰব্ৰজন বিৰোধী মঞ্চই স্পষ্টভাৱে ব্যক্ত কৰে যে খিলঞ্জীয়াক যদি প্ৰকৃততে সুৰক্ষাৰ দিয়া কথা কয়,তেন্তে তাৰ বাবে ভিত্তিবর্ষ হ'ব লাগিব ১৯৫১ চন।ইয়াৰ উপৰিও প্ৰকাশিত এনআৰচিখন জাতীয় অস্তিত্ব আৰু স্বাভিমানৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই এনআৰচি শুধৰণিৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সম্পৰ্কত খিলঞ্জীয়া ৰাইজে প্ৰকাশিত এনআৰচিত ৰৈ যোৱা বিসংগতিসমূহৰ তথ্য-নথিসমূহ সংগ্ৰহ কৰি ন্যায়লয়ত প্ৰমাণ কৰিব লাগিব প্ৰকাশিত এনআৰচিখন অশুদ্ধ বুলি।
ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ত সন্মিলিত মহাসংঘই চলাই থকা গোচৰটোত ৰাইজে আৰ্থিকভাৱে সহায় আগবঢ়াব লাগিব বুলি উপমন্যু হাজৰিকাই কয়।প্ৰব্ৰজন বিৰোধী মঞ্চৰ ফালৰ পৰা ১ লাখ টকা আৰ্থিক সাহায্য তেওঁলোকক আগবঢ়াব বুলিও উপমন্যু হাজৰিকাই সংবাদমেলত জানিবলৈ দিয়ে।
- Log in to post comments
- 13 views