নিউজ ডেস্ক:
বিগত বর্ষ সমূহৰ দৰে এইবাৰো অহা ৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় ভাৱে অসমৰ ক্ৰীড়া সংগঠকসকলৰ উদ্যোগত অনুষ্ঠিত হ'ব অভিৰুচি ক্ৰীড়া দিৱস। এই কথা দেওবাৰে এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে অসম ক্ৰীড়া সংগঠক সন্থাৰ সভাপতি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। মহানগৰীৰ হোটেল পেৰাডাইজত সম্বোধন কৰা সংবাদ মেলখনত চক্ৰৱৰ্তীয়ে কয় "সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰ অৰ্জুন বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা আন্তৰাষ্ট্ৰীয় দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ১৯৮৪ চনৰ পৰা আমি আয়োজন কৰি আহিছো। সেই ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো দৌৰবিদ গৰাকীৰ জন্ম দিনটোত অৰ্থাৎ ৩ ছেপ্টেম্বৰৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে গুৱাহাটীৰ মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে"। উক্ত দিনটোত পুৱা ৬.১৫ বজাত মহানগৰীৰ চান্দমাৰি উৰণীয়া হেতুৰ পৰা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামলৈকে সমূহীয়া দৌৰ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত মহানগৰীৰ প্ৰায় ৬০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। পুৱা দৌৰ কার্যসূচী ফ্লেগ অফ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে যোগাযোগ কৰা হৈছে। ইয়াৰ উপৰি অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব অভিৰুচি ক্ৰীড়া দিৱসৰ পৃষ্ঠপোষক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ইয়াৰ উপৰিও এই অভিৰুচি ক্ৰীড়া দিৱসত উপস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা। সামূহিক দৌৰ অন্ত পৰাৰ পাছত দিনৰ ৯.৩০ বজাত তৰুণ ৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিভিন্ন শিক্ষা অনুষ্ঠান ছাত্ৰ-ছাত্ৰীৰ মাজত যৌথ নৃত্য প্ৰতিযোগিতা। ইয়াৰ পাছতে সন্ধিয়া ৪ বজাত পল্টনবজাৰ ছাই কপ্লেক্স খেলপথাৰত অনুষ্ঠিত হ'ব এখন প্ৰীতি ফুটবল খেল। উক্ত খেলখনত অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক আৰু অভিৰুচি আয়োজকৰ মাজত।
ইয়াৰ উপৰি উক্ত যৌথ নৃত্যৰ মাজতে অসমৰ ছয় গৰাকী প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হ’ব। সেইসকল হ'ল পৱন গগৈ, খৰ্গেশ্বৰ দাস, গফফৰ উদ জামান, কামাখ্যা দাস, লক্ষেশ্বৰ কটকী আৰু শৰৎ চন্দ্ৰ কলিতা। ইফালে এই ক্ৰীড়াৰ দিৱসৰ লগত সংগতি ৰাখি অহা ৭ ছেপ্টেম্বৰত সদৌ অসম ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ মাজত তৰুণ ৰাম ফুকন ইণ্ডিৰ ষ্টুডিয়ামত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰিব অ’এনজিচিয়ে।
ইফালে বিগত বর্ষসমূহৰ দৰে এইবাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অসমৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰা ৬১ গৰাকীৰ খেলুৱৈক সম্বৰ্ধনা জনাব। কিন্তু এই সম্বৰ্ধনা কাৰ্যসূচী উক্ত দিনটোৰ পৰিৱৰ্তে এইবর্ষৰে অন্য এটা দিনত আয়োজক সমিতিয়ে অনুষ্ঠিত কৰিব বুলি আজি সংবাদ মেলত প্ৰকাশ কৰে।
ইফালে উক্ত দিনটোত সমূহ অসমবাসীকে অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাই সভাপতি বলেন্দ্ৰ মোহন চক্ৰৱতীয়ে কয়, "মৃত্যুৰ পাছত গামোচা পিন্ধাই কাৰোবাক সন্মান কৰাতকৈ জীৱিতকালত সন্মান জনোৱাটো বেছি গুৰুত্বপূৰ্ণ"। আনহাতে আজি সংবাদ মেলখনত উপস্থিত থাকে আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ মেধি, কোষাধ্যক্ষ জয়ন্ত দাস প্ৰমুখ্যে বহুকেইজন ব্যক্তি।
- Log in to post comments
- 11 views