ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত জছপ্ৰীত বুমৰাহৰ হেত্ৰিক অৰ্জন

cricket

নিউজ ডেস্ক:
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছাবিনা পার্কত শৃংখলাৰ দ্বিতীয় টেষ্টত কেৰিয়াৰৰ(টেষ্ট) প্ৰথমটো হেত্ৰিক অৰ্জন কৰিলে ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বুমৰাহে।এই কৃতিত্বৰ জৰিয়তে হৰভজন সিং,ইৰফান পাঠানৰ পিছত টেষ্ট ক্ৰিকেটত হেত্ৰিক কৰা তৃতীয়জন ভাৰতীয় বলাৰত পৰিণত হ'ল বুমৰাহ।বুমৰাহে ডেৰেন ব্ৰাভ',ছমৰ ব্ৰুকছ আৰু ৰষ্ট'ন ছেজক আউট কৰে।

ভাৰতৰ প্ৰথম ইনিংছৰ ৪১৬ ৰাণৰ লক্ষ্য আগত ৰাখি খেলা ৱেষ্ট ইণ্ডিজৰ বেটিং লাইনআপৰ কঁকাল ভাঙি দিয়ে বুমৰাহৰ বিষাক্ত বলিঙে।ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ইতিমধ্যে ১৬ ৰাণত ৬ টা উইকেট দখল কৰিছে বুমৰাহে।দ্বিতীয় দিনৰ খেল শেষ হোৱালৈকে ৱেষ্ট ইণ্ডিজে ৭ উইকেটত ৮৭ ৰাণ কৰিছে।

Your Comments