অসমৰ ৰাইজৰ আহ্বানক নস্যাৎ কৰি সেউজ ন্যায়াধিকৰণে বৃহৎ নদীবান্ধ নিৰ্মাণৰ অনুমতি দিয়াটো কৃষক মুক্তিয়ে প্ৰত্যাহ্বান হিচাপে লৈছে--অখিল গগৈ

akhil

এনএইচপিচিয়ে ধন খৰছ কৰি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিমন্ত্ৰীসকলৰ লগত কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ সভাৰ আয়োজন কৰিছে। আজি এই সভাতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ নদীবান্ধ মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লোৱা হ'ব।গতিকে আজি দিনটো অসমীয়া জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন-এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। গুৱাহাটী মহানগৰীৰ তাজ ভিভান্তাত আজি কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰে বৈঠক অনুষ্ঠিত হৈছে।উক্ত বৈঠকৰ সময়ত কৃষক মুক্তি সংগ্রাম সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলক ৰক্ষা কৰাৰ বাবে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।তেওঁলোকৰ স্পষ্ট দাবী অসমক ধ্বংস কৰিব পৰা নদীবান্ধ নিৰ্মাণ কৰিবলৈ কোনো কাৰণত দিয়া নহ'ব।


ইয়াৰ উপৰিও প্ৰতিবাদৰ সময়ত কৃষক নেতাগৰাকীয়ে কয় যে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধটো অবৈধ।কিয়নো,বিশেষজ্ঞ সমিতিয়ে এই নদীবান্ধটো নিৰাপদ নহয় বুলি ইতিমধ্যে উল্লেখ কৰিছে।সেইবাবে এই নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী জনাবলৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিমন্ত্ৰীসকলৰ সভালৈ আহিছোঁ।


যোৱা ১৩ জুনত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে নদীবান্ধ নিৰ্মাণ কৰাৰ সন্দৰ্ভত যি প্ৰতিবেদন দিছে,সেই প্ৰতিবেদন অবৈধ বুলি উল্লেখ কৰে অখিল গগৈয়ে।তেওঁ কয় যে নামনি সোৱণশিৰিৰ ইতিমধ্যে নক্সা সলনি হৈছে।সেই নক্সাৰ ওপৰত এতিয়ালৈকে কোনো লোকশুনানী,আলোচনা হোৱা নাই।আনহে নালাগে,নতুন নক্সাখন এতিয়ালৈ কেনেকুৱা হ'ব জনসাধাৰণে সেই কথা জানিব পৰা নাই।তাৰ পিছত তেওঁলোকে কেনেকৈ অনুমতি পাৰে।


ইয়াৰ উপৰিও গগৈয়ে কয় যে অসমৰ চাৰিগৰাকী বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন নস্যাৎ কৰি কেৱল ভাৰত চৰকাৰৰ বিশেষজ্ঞ প্ৰতিবেদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগবঢ়াতো অন্যায় আৰু দুৰ্ভাগ্যজনক।ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে অসমৰ ৰাইজৰ যি আহ্বান,সেই আহ্বানক নস্যাৎ কৰি নদীবান্ধ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া বিষয়টোক কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্ৰত্যহ্বান হিচাপে গ্ৰহণ কৰি আজি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰু উত্তৰ-পূবাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আগত প্ৰতিবাদ সাব্যস্ত কৰে।এই প্ৰতিবাদৰ জড়িয়তে কেন্দ্ৰীয় শক্তি মন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও গগৈয়ে  জানিবলৈ দিয়ে।

Your Comments